Covaxin :১২ আৰু তাতকৈ অধিক বয়সৰ শিশুৰ বাবে জৰুৰী ভিত্তিত প্ৰদান কৰা হ’ব ক’ভেক্সিন

১২ বছৰ আৰু তাতকৈ অধিক বয়সৰ বাবে জৰুৰী ভিত্তিত ক’ভেক্সিন টিকা দিয়া হ’ব । বুধবাৰে এই চৰ্তত ভাৰত বায়টেকৰ ক’ভিড টিকাক ব্যৱহাৰৰ অনুমতি পত্ৰ দিলে ড্ৰাগ কণ্ট্ৰোলাৰ জেনেৰেলে (ডিচিজিআই)য়ে।

অৱশ্যে, ১২ বছৰ বয়সতকৈ কম শিশু সকলক এই টিকা প্ৰদান কৰা নহ’ব বুলিও জনাইছে ডিচিজিআইয়ে ।

ইয়াৰ পূৰ্বে ১২বছৰতকৈ অধিক বয়সৰ শিশুৰ ক্ষেত্ৰত জাইডাছ কেডিলা ব্যৱহাৰৰ অনুমতি দিছিল ড্ৰাগ কণ্ট্ৰোলাৰ জেনেৰেলে । এই তালিকাৰ দ্বিতীয় ভেকছিন হিচাপে অনুমতি পত্ৰ পালে ক’ভাক্সিনে।

বৰদিনৰ নিশা প্ৰধানমন্ত্ৰীয়ে দেশবাসীক দিয়া ভাষণত ১৫ৰ পৰা ১৮ বছৰীয়া শিশুৰ বাবে টিকাকৰণ অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰে।

কাৰ্যসূচীটো তিনি জানুৱাৰীৰ পৰা আৰম্ভ কৰা হ’ব । ইয়াৰ উপৰিও, ১০ জানুৱাৰীৰ পৰা সহ-মৰ্বিডিটি থকা ৬০ বছৰীয়া লোকক বুষ্টাৰৰ টিকাকৰণ কৰা হ’ব। একে সময়তে, স্বাস্থ্য কৰ্মী আৰু কৰ’না যোদ্ধাসকলকো টিকাকৰণ কৰা হ’ব।

Exit mobile version