পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমিৰ উদ্যোগত সদৌ অসম ভিত্তিত সমবেত সংগীত-চিত্রাংকণ প্রতিযোগিতা

WhatsApp Image 2021 12 28 at 6.20.12 PM

নামনি অসমৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান পাঠশালাস্থিত আনন্দৰাম বৰুৱা একাডেমিৰ চলিত বৰ্ষৰ গ্ৰন্থ উৎসৱ, ন-পুৰণি শিক্ষার্থী সন্মিলন, গ্ৰন্থ আৰু মুখপত্র উন্মোচন আৰু শ্ৰীশ্ৰীসৰস্বতী পূজা অহা চাৰি আৰু পাঁচ ফেব্ৰুৱাৰী, ২০২২ খ্রীষ্টাব্দ তাৰিখে দুদিনীয়া কাৰ্য্যসূচীৰে আনন্দৰাম বৰুৱা একাডেমি চৌহদত আয়োজন কৰা হৈছে । অনুষ্ঠানৰ লগত সংগতি ৰাখি বিশিষ্ট শিক্ষাবিদ শিল্পী প্রয়াত শৰৎ ডেকাৰ সোঁৱৰণত সদৌ অসম ভিত্তিত সমবেত সংগীত আৰু চিত্রাংকণ (অনলাইন যোগে) প্রতিযোগিতাৰ আয়োজন কৰা হৈছে ।

সমবেত সংগীত প্রতিযোগিতা অহা চাৰি ফেব্ৰুৱাৰী তাৰিখে দিনৰ ১১ বজাত আনন্দৰাম বৰুৱা একাডেমি চৌহদত অনুষ্ঠিত হ’ব । সমবেত সংগীত প্রতিযোগিতাৰ প্ৰথম পুৰস্কাৰ ১০ হেজাৰ দ্বিতীয় পুৰস্কাৰ আঠ হেজাৰ আৰু তৃতীয় পুৰস্কাৰ ছয় হেজাৰ টকা । প্রতিযোগিতা নৱম শ্রেণীৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ মুকলি থাকিব আৰু প্ৰতিটো দলতে ১০ৰ পৰা ১৫ গৰাকী প্ৰতিযোগী থাকিব লাগিব । সমবেত সংগীত প্রতিযোগিতাত অংশগ্ৰহণ কৰিব বিচৰা দলসমূহক দুশ টকা ভর্তি মাচুলসহ অহা দুই ফেব্ৰুৱাৰী, ২০২২ তাৰিখ বা তাৰ আগতে ‘উৎপল মেধি, সম্পাদক, গ্রন্থ উৎসৱ, ন-পুৰণি শিক্ষার্থী সন্মিলন, গ্রন্থ আৰু মুখপত্র উন্মোচন আৰু শ্ৰীশ্ৰীসৰস্বতী পূজা উদযাপন সমিতি, আনন্দৰাম বৰুৱা একাডেমি, পাঠশালা (ফোন নং- ৯৯৫৪২৬৫০৬৮)ৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হ’ল।

আনহাতে, চিত্রাংকণ প্রতিযোগিতা অনলাইন যোগে অনুষ্ঠিত হ’ব । প্রতিযোগিতাৰ বিষয় ‘পৰিৱেশ’ । প্রতিযোগিতা প্রথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত হ’ব । প্রতিযোগিতাৰ প্ৰতিটো শ্ৰেণীৰ বাবে প্ৰথম পুৰস্কাৰ দুই হেজাৰ, দ্বিতীয় পুৰস্কাৰ ১৫০০ আৰু তৃতীয় পুৰস্কাৰ এক হেজাৰ টকা । প্রতিযোগীসকলে তেওঁলোকৰ ছবিসমূহ arba.onlinecompetition@gmail.com এই ঠিকনাত ই-মেইল যোগে ২০ জানুৱাৰী, ২০২২ ইংৰাজী তাৰিখৰ আগতে পোৱাকৈ পঠিয়াব লাগিব ৷

Exit mobile version