৯৯টা তেলৰ টেংক ভাৰতক লিজত দিছিল শ্রীলংকাই । সেইবোৰ পুনৰ ঘূৰাই বিচাৰি ভাৰতৰ স’তে আলোচনা কৰিছে তেওঁলোকে । বুধবাৰে এটা বিবৃতিত এই কথা সদৰী কৰে শ্রীলংকাৰ প্রাকৃতিক শক্তি মন্ত্রী উদয়া গাম্মানপিলাই । লিজত দিয়া তেলৰ টেংকবোৰ শ্রীলংকাৰ ত্রিংকোমালি বন্দৰত আছে । দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্রিটিছসকলে টেংকবোৰ নিৰ্মাণ কৰিছিল । ২০০৩ৰ পৰা বছৰে এক লাখ ডলাৰ ভাড়াত সেইবোৰ ভাৰতক লিজত দিছিল শ্রীলংকাই ।
বিশ্বৰ অন্যতম গভীৰ প্রাকৃতিক বন্দৰ শ্রীলংকাৰ ত্রিংকোমালি । ব্রিটিছসকলে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নিজৰ কৌশলগত অৱস্থান শক্তিশালী কৰিবলৈ এই টেংকবোৰ তৈয়াৰ কৰিছিল । সেই টেংকবোৰ ২০০৩ত ৩৫ বছৰৰ বাবে লিজত দিয়ে লংকা ইণ্ডিয়ান অয়েল কর্প’ৰেচনে । এই সংস্থাটো ইণ্ডিয়ান অয়েল কর্প’ৰেচনৰ (আইঅ’চি) শ্রীলংকাৰ শাখা । এক দশক ধৰি ভাৰত আৰু শ্রীলংকাৰ অর্থনৈতিক সম্পর্কৰ অন্যতম চাবিকাঠি এই টেংকবোৰ । অক্টোবৰতেই শ্রীলংকা ভ্ৰমণৰ সময়ত ত্ৰিংকোমালিলৈ গৈছিল ভাৰতৰ বৈদেশিক সচিব হর্ষবর্ধন শ্রিংলা ।
২০২১ৰ আৰম্ভণিতেই উদয়া গাম্মানপিলাই জনাইছিল, শীঘ্রে টেংকবোৰ ঘূৰাই ল’ব শ্রীংকাই । বুধবাৰে তেওঁ জনায়, সেইবোৰ ৰক্ষণাবেক্ষণৰ বাবে এটা পৃথক সংস্থা তৈয়াৰ কৰা হৈছে । ত্রিংকো পেট্র’লিয়াম টার্মিনেল লিমিটেড নামৰ এই সংস্থাটোৱে শ্রীলংকাৰ মূল তৈল সংস্থা ছিলন পেট্র’লিয়াম কর্প’ৰেচনৰ স’তে সংযুক্ত হৈ ৯৯টা টেংকৰ পৰ্যবেক্ষণ কৰিব ।
ভাৰতৰ পৰা ঋণত অপৰিশোধিত খনিজ তেল আৰু অন্যান্য তৈলজাত দ্রব্য আমদানিৰ কথাও চলিছে শ্রীলংকাৰ তৰফৰ পৰা । যোৱা নৱেম্বৰত অপৰিশোধিত খনিজ তেল আমদানিৰ সামর্থ্য নথকাত দেশৰ একমাত্র তৈল শোধনাগাৰ বন্ধ কৰিবলৈ বাধ্য হয় শ্রীলংকাৰ চৰকাৰে । বৈদেশিক মুদ্রাৰ সংকটৰ প্রভাৱ পৰিছে জৰুৰী সামগ্রী আমদানিতো । ফলত খাদ্য-শস্যসহ বহু প্রয়োজনীয় দ্রব্যৰ নাটনিৰ শংকা আৰম্ভ হৈছে দেশখনত । শ্রীলংকাৰ প্রাক্তন প্রধানমন্ত্রী ৰনিল বিক্রমসিঙে দেশৰ বর্তমান প্রশাসনক অনুৰোধ জনাইছে যে, তেল আৰু খাদ্য-শস্য আমদানিৰ বিষয়টোক লৈ তেওঁলোকে যেন ভাৰতৰ স’তে দ্রুত বৈঠকত মিলিত হয় ।