প্ৰতিটো পুৱা এখনি যুদ্ধৰে আৰম্ভ কৰো । নিশাবোৰত সৰিবলৈ দিওঁ ভুল-শুদ্ধৰ তুলাচনীত কেৱল ভুলবোৰক। দেখুৱাই বা কিজানি জয়ৰৰ মুখ । আনৰ দৰে সফলতা আৰু বিফলতা বুলি জীৱন পথৰ পাক্ লগা দুটি শব্দৰ পিছত ধৰি আগবাঢ়িবলৈ বিচাৰো । মহামাৰী বছৰ দুটাই বহু কথাই শিকাই গ’ল । আমি ভবাৰ দৰে সকলো সময়তে সকলো নহ’বও পাৰে । আগবাঢ়িবলৈ নতুন নতুন পৰিকল্পনা, প্ৰস্তুতি চলাব লাগে ।
সকলোলৈ প্ৰথমে মই শুভকামনা জনালো, আহিবলগীয়া বছৰটো সুন্দৰ আৰু সুখেৰে পৰিপূৰ্ণ হওক সকলোৰে । ২০২২ চিৰস্মৰণীয় হৈ ৰওক কেৱল আনন্দ আৰু সুখৰ নামেৰেই । যোৱা বছৰৰ সময়খিনি আছিল মানৱ জাতিৰ বাবে প্ৰত্যাহ্বানৰ সময় । গতিকে তেনে সময় পুনৰাবৃত্তি কাহানিও কামনা নকৰো । অসুস্থ পৃথিৱীক সুস্থ কৰি নতুন বৰ্ষই আনক মানৱ জাতিলৈ নৱ-সৃষ্টিৰ সুস্থ ধৰিত্ৰী ।
আচলতে আমাৰ আশাৰ লক্ষ্যবোৰ পৰিস্থিতিৰ বাবে সময়ে সময়ে বাৰে বাৰে সলনি হয় । কাৰণ আমিবোৰ অভাৱ শব্দটোৰ লগত ডাঙৰ হোৱা ল’ৰা । সেয়া ঘৰুৱা, সামাজিক পৰিৱেশ, অৰ্থনৈতিক দূৰ্বলতা নতুবা দেশৰ শাসন ব্যৱস্থাৰ বিভিন্ন দিশৰ প্ৰক্ৰিয়া । গতিকে সময়ে যি দিশে নিয়ে সেইফালেই গতি কৰে জীৱনে । যাৰ বাবে বাৰে বাৰে নিজৰ লক্ষ্যক পথভ্ৰষ্ট কৰি সময় পৰিস্থিতিত এৰি দিব লগা হয় । প্ৰতিটো উজুটিত লগা আঘাতবোৰত কিমান কষ্ট পাইছো কেৱল নিজে অনুভৱ কৰিছো । কেতিয়াবা আঘাতৰ ঘাঁহবোৰক খজুৱটি বুলি আঁচুৰি দি শান্তিৰ মূখা পিন্ধিছো, কেতিয়াবা নিজক নিজেই বাধ্য কৰি শুকাবলৈ বাট এৰি দিওঁ ।
এটা খেৰৰ জুপুৰীৰ পৰাই বহু সপোন দেখিবলৈ ল’লো । য’ত নিজৰ ভাল লগাবোৰক সাজি উলিয়াবলৈ ধৰিলো । মহামাৰীৰ সময়খিনিয়ে ভাৱ-চিন্তা সকলোবোৰ পৰিৱৰ্তন কৰি দিছিল যদিও ভাল খবৰো পালো । মোৰ দ্বাৰা পৰিচালিত প্ৰাচুৰ্য প্ৰডাকচনৰ “দ্য ড’ড” চুটি ছবিখনে বহুকেইটা আন্ত:ৰাষ্ট্ৰীয় মহোৎসৱলৈ মনোনীত হোৱাৰ লগতে এৱাৰ্ড ল’বলৈও সক্ষম হ’লো ।
নতুন বৰ্ষত সকলো সমস্যাক প্ৰত্যাহ্বান জনাই নিজৰ কামবোৰ সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতিবদ্ধ হৈছো । যোৱা বৰ্ষটোত আৰম্ভ কৰা বহুকেইটা প্ৰজেক্ট সম্পূৰ্ণ কৰিব নোৱাৰিলো । গতিকে নতুন বৰ্ষটোত কামখিনি সম্পূৰ্ণ কৰি ৰাইজলৈ এৰি দিম । তাৰ ভিতৰত “অঘৰী বতাহৰ সপোন” অসমীয়া বোলছবিখনৰ কিছু এডিটিং, মিউজিক কৰাৰ পাছতেই অসমৰ ছবিগৃহলৈ মুক্তি, “ৰাগী” অসমীয়া চুটিছবিৰ মুক্তি জানুৱাৰীত, বিহু আৰু আধুনীক গানৰ ভিডিঅ’, তিনি জানুৱাৰীৰ পৰা “ডুমডুমাৰ ইতিহাস আৰু বৰ্তমান”ক লৈ এখন তথ্য ছবিৰ চিত্ৰগ্ৰহণ লগতে “বীৰ ৰাঘৱ”ৰ অসমীয়া বোলছবিৰ পাণ্ডুলিপি প্ৰস্তুত, নাট কৰ্মশালাৰ লগতে বহুকেইটা সৰু-বৰ প্ৰাচুৰ্য প্ৰডাকচনৰ ভিডিঅ’ কাম ।
ক্ষিপ্ৰ গতিত পৰিৱৰ্তিত এই সমাজক এক যোগাত্মক আৰু সুস্থিৰ অৱস্থালৈ আনিবলৈ হ’লে সুস্থ-বিৱৰ্তনকামী ন-চিন্তাৰ প্ৰয়োজন আছে আৰু সেই চিন্তা পৰিকল্পনাক বাস্তৱায়িত কৰাৰ নিমিত্তে যুৱসমাজৰ কাৰ্যকৰী ভূমিকা তথা সক্ৰিয় অংশগ্ৰহণ নিতান্তই প্ৰয়োজনীয় ৷ বৰ্তমানৰ সমাজত এচাম যুৱক আছে, যি সকলে প্ৰকৃত শান্তিৰ সন্ধানত নামি পৰিছে ৷ কিন্তু উপযুক্ত পৰিৱেশ, দিক-দৰ্শক তথা উৎসাহদাতাৰ অভাৱত তেওঁলোকৰ এই সন্ধানৰ গতি স্থৱিৰ হৈ পৰিছে অথবা স্থৱিৰ হ’বলৈ বাধ্য হৈছে ৷ গতিকে এই ক্ষেত্ৰত ৰাজ্য বা দেশৰ সকলো পক্ষই দৃষ্টিগোচৰ কৰি সততাৰে দেশক আগবঢ়াই নিব লাগিব ।
প্ৰকৃততে অসমৰ বহু দিশত অস্থিৰ পৰিৱৰ্তন হৈছে । ই এক ভয়াৱহ বিপদৰ সংকেতহে বহন কৰিছে ৷ এই উশৃংখল সমাজৰ প্ৰত্যেক স্তৰতে দেখা যায় ব্যাপক অনিয়ম, হিংসা, বিদ্বেষ, অৰ্থলাভৰ দুৰ্নিবাৰ হেঁপাহ ৷ ক’বলৈ গ’লে প্ৰত্যেক মানুহেই দুৰ্বলক দমন-শোষণ কৰি আগুৱাই যাব বিচাৰিছে আৰু তাতেই যেন তেওঁলোকে বিচাৰি পাইছে এক মাতাল তৃপ্তি ৷
গতিকে এনেকোৱা সময়খিনিত কি আশা কৰিম কল্পনাৰ আগোছৰ যদিও অসমৰ প্ৰত্যকটো ঘৰ-পৰিয়াল, ভিন্ন শ্ৰেণীৰ লোক, ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক সকলোবোৰ উন্নতিৰ স্বাভাৱিক ৰূপৰ এক সুস্থ ধাৰাবাহিকতা গঢ়ি উঠক । কৰ্মজীৱীৰে অসম হওক সকলোৰে আদৰ্শ ৰাজ্য । গঢ়ি উঠক ঐক্যতাৰ বান্ধোন, য’ত আশা কৰিম সমাজলৈ সুস্থিৰতা আহিব ৷ ‘সততা’, ‘নিষ্ঠা’, ‘সহানুভূতি’, ‘দয়া’, ‘মমতা’ আদি শব্দবোৰৰ সুষম বাস্তৱিক প্ৰয়োগে যুৱ সমাজৰ মানসিকতালৈ এক ধনাত্মক চিন্তাধল আনিব ৷
দেশক আদৰ্শ হিচাপে গঢ়ি তুলিবলৈ স্বাধীন মনৰ গৰাকী হ’ব লাগিব । নৱ চিন্তাৰ উন্মেষ ঘটাব লাগিব ।গতিকে দেশক উন্নতিৰ আশা কৰিলে যুৱ শক্তিৰে এক সুস্থিৰতাৰ নৱ জাগৰণৰ আনিব লাগিব । সম্পদ, উৎপাদন, আন্ত:ৰাষ্ট্ৰীয় সু-সম্পৰ্কৰ লগতে অৰ্থনৈতিক বজাৰখনত কিছু নতুন চিন্তাৰ প্ৰয়োজন ।
আশা কৰিম নতুন দিনে আনি দিয়ক সকলোৰে আশা-সপোনৰ বাস্তৱায়িতা । নতুনৰ পথাৰত নৱ কঠীয়াৰ সৃষ্টি হওক নৱ-সোণগুটিৰ।পৃথিৱীৰ অপশক্তিক মোহাৰি নতুন দিনে লৈ আহক প্ৰেমৰ সেউজীয়াক ।