অগ্ৰদূত ভৱনত উন্মোচন বিনু হাজৰিকাৰ ‘মনালিছাৰ শ্বিলং চহৰত’

লেখিকা বিনু হাজৰিকাৰ ‘মনালিছাৰ শ্বিলং চহৰত ‘শীৰ্ষক এখন গ্ৰন্থ আজি উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰা হয় দৈনিক অগ্ৰদূত ভৱনত ।

অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক গীতাৰ্থ পাঠক, মাইনী মহন্তৰ লগতে ‘শ্বিলং আচামীজ লেডিজ ওৱেলফেয়াৰ ক্লাৱ’ৰ সদস্য সকল লগতে আৰু বহুকেইগৰাকী বিশিষ্ট ব্যক্তি । মনালিছাৰ শ্বিলঙ চহৰত নামৰ গ্ৰন্থখন উন্মোচন কৰে গীতাৰ্থ পাঠক আৰু মাইনী মহন্তই ।

গ্ৰন্থখনত শ্বিলং চহৰৰ কিছু ইতিহাস, অসমীয়া সমাজ,অনুষ্ঠান আদিক মূলতঃ ভিত্তি কৰি লিখা হৈছে বুলি উল্লেখ কৰে লেখিকা বিনু হাজৰিকাই ।

Exit mobile version