যানবাহনত বজাব নােৱাৰিব গান। মহিলাই অকলশৰে দূৰলৈ যাত্রা কৰিব নােৱাৰিব। এনেবােৰ নিষেধাজ্ঞা আৰােপৰ পাছত আফগানিস্তানত এক নতুন ফটোৱা জাৰি কৰিলে তালিবানে।
কাপােৰ আদিৰ দোকানত ব্যৱহাৰ কৰা ‘মেনিকিউন’ৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰােপ কৰি তালিবানে এই নিপ্রাণ পুতলাৰ মুণ্ডচ্ছেদ কৰাৰ নির্দেশ দিলে।
তালিবানে দাবী কৰা অনুসৰি এই ধৰণৰ ‘মেনিকিউন’ পুতলা ব্যৱহাৰ কৰাটো শ্বৰীয়ত আইনৰ বিৰােধী।
যােৱা আগষ্টত কাবুল দখলৰ পাছৰে পৰা তালিবানে বিভিন্ন নিষেধাজ্ঞা আৰােপ কৰি আহিছে। ইতিমধ্যে দেশখনৰ হেৰাত প্ৰদেশৰ ব্যৱসায়ীসকলক দোকানত ‘মেনিকিউন’ব্যৱহাৰ নকৰিবলৈ তালিবানে সকীয়নি দিয়াৰ লগতে এনে পুতলা দোকানত প্রত্যক্ষ হলে তাৰ মুণ্ডচ্ছেদ কৰা হ’ব বুলি ঘােষণা কৰিছে।