Marriage Bill : মহিলাৰ বিয়াৰ বয়স সন্দৰ্ভত কেন্দ্রৰ কমিটী গঠন, অথচ ৩১ জনৰ ভিতৰত এগৰাকী মহিলা !

tiger 8

মহিলাৰ বিয়াৰ আইনী বয়স ১৮ৰ পৰা বৃদ্ধি কৰি ২১ বছৰ কৰাৰ বিল পৰ্যবেক্ষণ কৰা কমিটীক লৈ উদ্বেগ প্রকাশ কৰিলে মহাৰাষ্ট্রৰ শিৱসেনা সাংসদ প্রিয়ংকা চতুর্বেদীয়ে । ৰাজ্যসভাৰ চেয়াৰমেন তথা দেশৰ উপ-ৰাষ্ট্রপতি বেংকইয়া নায়ডুলৈ লিখা এখন পত্ৰত চতুর্বেদীয়ে জনায়, ৩১ জন সাংসদক লৈ গঠিত কমিটীত মহিলাৰ বাবে এটা বৃহৎ তাৎপর্যপূর্ণ বিল সন্দৰ্ভত আলোচনা কৰা হৈছে । অথচ এই কমিটীত মাত্র এগৰাকী মহিলা সদস্য আছে । এই কমিটীৰ একমাত্র মহিলা সদস্য পশ্চিমবংগৰ ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱ ।

পত্ৰত প্রিয়ংকাই বেংকইয়া নায়ডুক লিখে, ‘ম‌ই এগৰাকী সাংসদ হিচাপে আপোনাক এই পত্ৰ লিখছো । সংসদৰ শীতকালীন অধিবেশনত, বাল্যবিবাহ নিষেধাজ্ঞা (সংশোধন) বিল উত্থাপন কৰা হৈছিল । এই বিলখন অতি গুৰুত্বপূর্ণ কাৰণ এই বিলে সমগ্ৰ দেশৰ মহিলাৰ জীৱনক প্রভাৱিত কৰিব । মহিলাৰ বাবে বিবাহৰ বৈধ বয়স ১৮ৰ পৰা বৃদ্ধি কৰি ২১ কৰা হ’ব । লোকসভাত উত্থাপনৰ পাছত বিলখন শিক্ষা, মহিলা, শিশু, যুৱ আৰু ক্রীড়া বিষয়ক সংসদীয় স্থায়ী কমিটীত প্ৰেৰণ কৰা হ’ব । কিন্তু, কমিটীটোত সংসদ সদস্য হিচাপে মাত্র এগৰাকী মহিলা আছে ।’

তেওঁ উদ্বেগ প্রকাশ কৰি আৰু জনায়, বিষয়টো অত্যন্ত হতাশাজনক । মহিলা আৰু ভাৰতীয় সমাজৰ বাবে অনা এই প্রাসংগিক বিলত মাত্র এগৰাকী মহিলাৰ প্রতিনিধিত্ব কৰাৰ বিষয়টো অত্যন্ত দুখজনক । এই কমিটীত আৰু মহিলা সাংসদৰ প্রতিনিধিত্ব সুনিশ্চিত কৰাৰ বিষয়টোও তেওঁ ৰাজ্যসভাৰ চেয়াৰমেনজনক আবেদনত জনাইছে ।

Exit mobile version