দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মঙলবাৰে পুৱা টুইট কৰে যে তেওঁ ক’ভিডত আক্রান্ত হৈছে আৰু ঘৰত নিভৃতবাসত আছে ।
“মই ক’ভিডত আক্রান্ত হৈছো । মৃদু উপসৰ্গ আছে । ঘৰত নিজকে পৃথক কৰি ৰাখিছো । যিসকলে যোৱা কেইদিনমানত মোৰ স’তে যোগাযোগ কৰিছিল, অনুগ্ৰহ কৰি নিজকে পৃথক কৰক আৰু নিজকে পৰীক্ষা কৰাওক,” পঞ্জাৱ, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডত আগন্তুক নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাই থকা মুখ্যমন্ত্ৰীগৰাকীয়ে পোষ্ট কৰে ।
I have tested positive for Covid. Mild symptoms. Have isolated myself at home. Those who came in touch wid me in last few days, kindly isolate urself and get urself tested
— Arvind Kejriwal (@ArvindKejriwal) January 4, 2022