১.২২ লাখ কোটি টকাৰ ‘শ্বেয়াৰ’ বিক্ৰী মাস্কৰ, কি কামত কৰিব ব্যয় ?

122538018 gettyimages 1358939083

বিগত কে’বামাহত বিশ্বৰ সবাতােকৈ ধনাঢ্য ব্যক্তি এলন মাস্কে তেওঁৰ কোম্পানী টেছলাৰ প্ৰায় ১৬.৪ বিলিয়ন ডলাৰ অর্থাৎ ভাৰতীয় মুদ্ৰাত ১.২২ লাখ কোটি টকাৰ ‘শ্বেয়াৰ’ বিক্ৰী কৰিলে। এই ধনৰাশি তেওঁ প্ৰথমে কৰ আদায়ৰ বাবে ব্যয় কৰিব।

কৰ আদায়ৰ পাছত মাস্কৰ হাতত প্রায় ৫.৪ বিলিয়ন ডলাৰ ৰাহি হ’ব আৰু এইখিনি ধন মাস্কে আন কামত ব্যয় কৰিব। প্রথমে মাস্কে ১১ বিলিয়ন ডলাৰৰ যুক্তৰাষ্ট্ৰীয় কৰ আদায় দিব লাগিব।

প্রকাশিত বাতৰি অনুসৰি, যুক্তৰাষ্ট্ৰীয় কৰ আদায়ৰ পাছত টেছলাৰ মুৰব্বীয়ে প্রায় দুই বিলিয়ন ডলাৰ কেলিফর্ণিয়াত অতিৰিক্ত কৰ আদায়ৰ বাবে ব্যয় কৰিব পাৰে।

বর্তমানে টেছলাৰ মুখ্য কার্যালয় টেক্সাছত যদিও পূর্বে এই কোম্পানীটোৰ কাম-কাজ কেলিফর্ণিয়াত আৰম্ভ কৰা হৈছিল। ইয়াৰ বাবদ প্রায় দুই বিলিয়ন ডলাৰৰ কৰ মাস্কে আদায় দিবলৈ আছে।

কেলিফর্ণিয়াৰ উক্ত কৰ আদায়ৰ পাছতাে মাস্কৰ হাতত ‘শ্বেয়াৰ’ বিক্ৰীৰে লাভ কৰা ধনৰ ৩.৪ বিলিয়ন ডলাৰ থাকিব।

এইখিনি ধন বিশ্বৰ সবাতােকৈ ধনাঢ্য ব্যক্তিজনে নিজৰ মহাকাশ গৱেষণা প্রতিষ্ঠান স্পেচএক্সত বিনিয়ােগ কৰিব পাৰে।

‘শ্বেয়াৰ’ বিক্ৰীৰে লাভ কৰা ধন মাস্কে দান হিচাপেও আগবঢ়াব পাৰে। অৱশ্যে এই সন্দৰ্ভত মাস্কে বর্তমানলৈকে কোনাে পৰিকল্পনা গ্রহণৰ কথা ৰাজহুৱা কৰা নাই।

Exit mobile version