ভাপাৰা বডোফা হাই স্কুলত ক’ভিড টিকাকৰণ আৰু শিক্ষামূলক সজাগতা সভা অনুষ্ঠিত

4274477b 9319 4dc0 83a2 3cbc49893326

কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম ৰাভাপাৰাত বডোফা হাইস্কুলত ক’ভিড ১৯ টিকাকৰন আৰু শিক্ষামূলক সজাগতা সভা অনুষ্ঠিত ।

উক্ত সজাগতা সভাত শিক্ষা বিভাগৰ কোকৰাঝাৰ জিলা আচনি বিষয়া জাহাংগীৰ হুচেইন , চিকিৎসক ডঃ মানিক বৰুৱা , ৰাভাপাৰা হাইস্কুলৰ প্ৰধান শিক্ষক কমল বৰ্মন , প্ৰানেশ্বৰ বসুমাতাৰী , কৃষ্ণা ৰানী বৰ্মন আদিয়ে উপস্থিত থাকে ।

আজিৰ সজাগতা সভাতেই বিদ্যালয় খনৰ শিক্ষাৰ্থী সকলে বিভিন্ন ধৰনৰ নৃত্যগীত আদিও প্ৰদৰ্শন কৰে । সভাত উপস্থিত থাকি শিক্ষা বিষয়া জাহাংগীৰ হুচেইনে সকলো শিক্ষাৰ্থীয়ে ক’ভিড ১৯ পৰা ৰক্ষা পাবলৈ সকলে টিকা গ্ৰহন কৰাটো বাধ্যতামূলক বুলি কয় ।

ইপিনে চিকিৎসক ডঃ মানিক বৰুৱাও দেশক সুৰক্ষিত কৰি ৰাখিবলৈ ভেকছিন সকলোৱে গ্ৰহন কৰিব লাগে বুলি কয় । এনে ধৰনৰ সজাগতা সভা অনুষ্ঠিত হোৱাত শিক্ষা বিভাগ আৰু স্বাস্থ্য বিভাগক ধন্যবাদ জ্ঞাপন কৰিছে ।

Exit mobile version