ভৰলুত ফুলিব পদুম, ৰেল ক্ৰছিঙৰ বাবে হোৱা যান-জঁট ৰোধৰ বাবে ভৰলুত হ’ব এলিভেটেড ৰোড জাংচন

ৰাজ্য চৰকাৰৰ পৰা অনুমোদন লাভ, উৎফুল্লিত স্থানীয় ৰাইজ

WhatsApp Image 2022 01 20 at 6.23.33 PM

ৰেল ক্ৰছিঙৰ ফলত হোৱা তীব্ৰ যান-জঁটৰ সমস্যা সমাধানৰ বাবে গুৱাহাটীৰ ভৰলুমুখত নিৰ্মাণ হ’ব এলিভেটেড ৰোড জাংচন । পদুম ফুলৰ প্ৰতীকেৰে জিলিকিব দুই লেনযুক্ত ৰোড জাংচন । ইতিমধ্যে এই জাংচনটোৰ বাবে ৰাজ্য চৰকাৰৰ পৰা অনুমোদন লাভ কৰিছে । ৰোড জাংচনটোৰ পৰিকল্পনা তথা নক্সা প্ৰস্তুত কৰা জি এম ডি এৰ জ্যেষ্ঠ কাৰিকৰী উপদেষ্টা বিশিষ্ট অভিযন্তা জে এন খাটনিয়াৰে আজি এই কথা সদৰী কৰে ।

এই সন্দৰ্ভত আজি পশ্চিম গুৱাহাটী নাগৰিক সজাগতা মঞ্চই গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজন কৰা এক সংবাদমেলত তেওঁ এই কথা জানিবলৈ দিয়ে । তেওঁ কয়, ‘ভৰলুমুখৰ ৰেল ক্রছিংটোৰে ২৪ ঘণ্টাত প্ৰায় ১০০ খন ৰেল পাৰ হয় । তাৰ বাবে প্ৰতিখন ৰেলৰ বাবদ অতি কমেও ১০ মিনিট সময় ৰেলগেট বন্ধ ৰখা হয় । যাৰ পৰিপ্ৰেক্ষিতত ভৰলুমুখ পুলিচ পইণ্টৰ স’তে আটাইকেইটা পথৰ যাতায়ত ব্যৱস্থা অচল হৈ পৰে । এই যান-জঁটৰ সমস্যাৰ পৰা মুক্তি বিচাৰি স্থানীয় ৰাইজে এখন উৰণীয়া সেঁতু স্থাপন কৰাৰ বাবে বিগত ২০ বছৰতকৈয়ো অধিক সময় চৰকাৰক দাবী জনায় আহিছে যদিও সেই সমস্যাৰ সমাধান হোৱা নাই ।’

তেওঁ পুনৰ কয়, ‘ভৰলুমুখৰ লগতে পশ্চিম গুৱাহাটীৰ ৰাইজে এই সমস্যাৰ কিবা সমাধান সূত্ৰ বিচাৰি মোৰ ওচৰলৈ আহিছিল । মই ইয়াৰ সমাধান হিচাপে উৰণীয়া সেঁতুৰ পৰিৱৰ্তে এলিভেটেড ৰোড জাংচন এটা ডিজাইন কৰো । মই সকলো দিশ পৰ্যবেক্ষণ কৰি দেখিলো যে আটাইকেইটা পথ এলিভেট অৰ্থাৎ ওখ কৰি দিলেই যান-জঁটৰ সমস্যা বহু পৰিমাণে হ্ৰাস পাব । এম জি ৰোডটো তৰুণৰাম ফুকন উদ্যানৰ সমীপৰ পৰা ১০ ফুট উচ্চতাৰে আনি ভৰলু পুলিচ পইণ্টৰ ওপৰেৰে গৈ আঠ ডিগ্ৰী শ্ল’পেৰে দুই লেনযুক্ত পথটো ৰেল লাইনৰ ওপৰেৰে নি প্ৰাগজ্যোতিষ কলেজৰ ওচৰত শেষ কৰা হ’ব । তেনেকৈ এ টি ৰোডটো আহি সোনাৰাম খেলপথাৰৰ সমীপত শেষ হ’ব । পথসমূহৰ মাজৰ ৩৫ ব্যসাৰ্ধৰ ৰ’টাৰীৰ ওপৰত সৌন্দৰ্য বৃদ্ধি কৰিব এপাহ পদুম ফুলে । কিয়নো তাত কোনো মহান লোকৰ মূৰ্তি স্থাপন কৰিব যাওঁতে কাৰ মূৰ্তি স্থাপন কৰা হ’ব সেই লৈ বিভিন্নজনে বিভিন্ন মত দিব । কোনো সন্তুষ্ট নহ’ব । তাত ফুলনি কৰিবলৈয়ো অসুবিধা হ’ব কিয়নো তাৰ দেখ-ৰেখৰ বাবে সমস্যা হ’ব । সেয়ে পদুম ফুল এপাহ নিৰ্মান কৰাৰ কথা ভাবিছো । পদুম হৈছে ৰাষ্ট্ৰীয় ফুল ।’

খাটনিয়াৰে আৰু কয়, ‘তদুপৰি পদুম হৈছে পবিত্ৰতা, জ্যোতি, আত্ম পুনৰুদ্ধাৰ আৰু পূর্ণজন্মৰ প্ৰতীক । পদুম ফুলে গন্তব্যস্থানৰ মহত্ত্ব বুজায় । আমি ক’ৰ পৰা জন্ম হৈছো সেইটো গুৰুত্বপূৰ্ণ নহয়, আমি কিমান ওপৰলৈ যাব পাৰিছো সেইটোহে গুৰুত্বপূৰ্ণ সেই কথা পদুম ফুলে উপলব্ধি কৰায় । পদুম ফুলপাহৰ চাৰিওকাষে হিডেন লাইট থাকিব । নিশা সেই লাইটৰ পোহৰত উজ্বলিব ফুলপাহ । দূৰ-দূৰণিৰ পৰা ফুলপাহ দেখা পোৱা যাব । এটা পানীৰ ফুঁৱাৰাও থাকিব । যি ফুলপাহ পৰিষ্কাৰ কৰি ৰাখিব । এলিভেটেড ৰোড জাংচনটোৰ নক্সাই ৰাজ্য চৰকাৰৰ অনুমোদন লাভ কৰিছে । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই প্ৰজেক্টৰ প্ৰতি সঁহাৰি জনাইছে । তাৰ বাবে ৰাইজ তেওঁৰ ওচৰত কৃতজ্ঞ ।’

প্ৰকল্পটোৰ বাজেট সন্দৰ্ভত তেওঁ কয়, ‘প্ৰকল্পটোৰ বাবে ইতিমধ্যে চৰকাৰে ২৪ ডিচেম্বৰত কনচালটেন্সীৰ বাবে নিবিদা আহ্বান কৰিছে । ইয়াৰ মাচুল ১.২০ কোটি টকা ধাৰ্য কৰিছে । এই মাচুললৈ চাই সমগ্ৰ প্ৰকল্পটোৰ বাজেট আনুমানিক তিনিশ কোটি হ’ব । অহা বছৰ ৰোড জাংচনৰ কাম আৰম্ভ হ’ব বুলি আশা কৰিব পাৰো ।’

সংবাদমেলত সজাগতা মঞ্চৰ সভাপতি খনীন্দ্ৰ লাল শৰ্মা, সাধাৰণ সম্পাদক কৰ্ণেল ৰমেন্দ্ৰ কুমাৰ চৌধুৰী সহিতে অন্য সদস্যসকল উপস্থিত থাকে ।

Exit mobile version