উচ্চস্বৰে নহয়, ৰেলযাত্ৰাত এতিয়াৰ পৰা ফুচফুচাই কথা পাতিব লাগিব

india

ৰেলক ঘৰৰ প’ৰ্টিকত পৰিণত কৰিলে নহ’ব। চিঞৰি চিঞৰি কথা কোৱা, নিশা পর্যন্ত লাইট জ্বলাই থৈ খােৱা-বােৱা কৰা আদি বন্ধ কৰিব বিচাৰিছে ভাৰতীয় ৰেলে।

এতিয়াৰে পৰা ৰেলযাত্রীসকলে সৌজন্যতাৰ শিক্ষা গ্রহণ কৰিব লাগিব। নির্দিষ্ট সময়ত লাইট নুমুৱাব লাগিব তাৰ লগতে চিঞৰি চিঞৰি কথা কোৱা বন্ধ কৰাৰ শিক্ষা ল’ব লাগিব।

কঠোৰ নীতি-নিয়ম মানি চলিব লাগিব যাতে কোনােপধ্যে পােহৰ সহযাত্রীসকলৰ বাবে সমস্যাৰ কাৰণ নহয়। ৰেল মন্ত্রণালয়ে শেহতীয়াভাৱে এই বিবৃতি জাৰি কৰি কয় যে যাত্রীসকলে যাতে তিনিটা নিয়ম মানি চলে তাকে লৈ ৰেল কর্মীসকল সতর্ক হ’ব লাগিব।

প্রথমতে যাত্রীসকলে উচ্চস্বৰত ফোনত কথা পাতিব নােৱাৰিব। যাত্রাকালীন সজোৰে গান বজাব নােৱাৰিব। নিশা ১০ বজাৰ পাছত দুবাৰ ভিতৰত লাইট জ্বলাব নােৱাৰিব।

আন যাত্রীৰ যাতে কোনাে সমস্যা নহয় তাৰ প্রতি সচেতন হৈ থাকিব লাগিব। তৃতীয়তে নিশা ১০ বজাৰ পাছত পৰিচিতসকলে নিজৰ মাজত উচ্চস্বৰত কথা ক’ব নােৱাৰিব। সাধাৰণ কথা-বতৰা যিমানদূৰ সম্ভৱ ফুচফুচাই পাতিব লাগিব।

এই নিয়ম ভাঙিলে অৱশ্যে এই পর্যন্ত জৰিমনাৰ কোনাে ব্যৱস্থা ৰখা হােৱা নাই। ৰেলৰ বিবৃতিত প্রকাশ যে সৌজন্যতাৰ শিক্ষা দিয়াৰ সময়ত জৰিমনা আৰােপ কৰা নহয়।

এই নিয়ম-নীতি মানি চলিবলৈ যাত্ৰীসকলক বিনয়ৰে ক’বলৈ ৰেলৰ কৰ্মচাৰীসকলক নির্দেশ দিয়া হৈছে। কোনাে যাত্রীয়ে যাতে অভিযােগ দিয়াৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ প্রতি সচেতন হ’বলৈ কোৱা হৈছে।

Exit mobile version