বাইহাটা চাৰিআলিত নিশা অঘটণ

murder thinkstock 1200 e1482648345377

বাইহাটা চাৰিআলিত নিশা অঘটণ । বাইহাটা চাৰিআলিৰ বৰ পলহাত চাৰিজন শ্ৰমিকৰ নিশা হঠাতে শৌচ বমি হোৱাত ভৰ্তি কৰোৱা হয় ৰঙিয়াৰ এখন ব্যক্তিগত হস্পিতালত ।

তাতে এজন কিছু সুস্থ হয় যদিও চিকিৎসকে তিনিজনক মৃত ঘোষণা কৰে । তথ্য অনুসৰি মৃত শ্ৰমিক তিনিজন এজন ৰঙিয়াৰ হাট বজালীৰ বাবুল হুচেইন নিটানীৰ মোজাফৰ আলী আৰু এজন ৰাতুল আলী ।

উল্লেখ্য যে জলসিঞ্চন বিভাগৰ আঁচনিৰ কাম কৰি আছিল শ্ৰমিক কেইজনে । নিশাৰ আহাৰ গ্ৰহণ কৰি শুই থকা অৱস্থাত হঠাৎ অসুস্থ হৈ পৰে তিনিওজন।

ইয়াৰ পাছতে লগে লগে পৰিয়ালৰ লোকৰ লগত যোগাযোগ কৰে যুৱক কেইজনে। পৰিয়ালৰ লোকে ৰঙিয়া এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰাই যদি চিকিৎসকে তিনিও জন যুৱকক মৃত ঘোষণা কৰে আৰু আনজনক উন্নত চিকিৎসাৰ বাবে নাৰায়ানা চুপাৰ স্পেছিয়েল হাস্পিতাললৈ প্ৰেৰণ কৰে ।

Exit mobile version