ৰৌতাৰ সৰ্বহেৰুৱাত গেছভৰ্তি ট্ৰেংকাৰ-ট্ৰাকৰ মাজত ভয়ংকৰ মুখামুখি সংঘৰ্ষ ,থিতাতে নিহত দুই চালক

04298878 2a05 4662 9712 0c35efbccc9a 1

আজি পুৱাতেই ওদালগুৰি জিলাৰ ৰৌতা আৰক্ষী থানাৰ অধীনৰ লালপুল আৰক্ষী চকীৰ অন্তৰ্গত সৰ্বহেৰুৱাত ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দূৰ্ঘটনা।

গেছভৰ্তি ট্ৰেংকাৰ আৰু ট্ৰাকৰ মাজত সংঘটিত হোৱা পথ দূৰ্ঘটনাটিত থিতাতে দুয়োখন বাহনৰ চালকৰ মৃত্যু হোৱাৰ লগতে আহত হয় দুজন হেণ্ডিমেন।

লগে লগে ঘটনাস্থলীত লালপুল আৰক্ষী থানাৰ আৰক্ষী উপস্থিত হৈ নিহত দুই চালকসহ আহত হেণ্ডিমেনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

দূৰ্ঘটনাটি ইমানেই ভয়ংকৰ আছিল যে দুৰ্ঘটনাগ্ৰস্থ বাহন দুখনৰ ভিতৰতে বহুসময় আৱদ্ধ হৈ আছিল লোককেইজন।

পাছত ৰিক’ভাৰী বাহনৰ জৰিয়তে দুয়োখন বাহন আতৰাইহে চালক দুজনৰ মৃতদেহ উদ্ধাৰ কৰিবলগীয়া সক্ষম হয় আৰক্ষী।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া মতে পুৱা প্ৰায় ছয় বাজি ৩০ মিনিটত ৰৌতা অভিমুখী এ‌এছ২০-চিচি৯৬৩৯ নম্বৰৰ গেছ ভৰ্তি টেংকাৰ আৰু মঙলদৈ অভিমুখী এন‌এল‌০১-কে৪২২৩ নম্বৰৰ ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হয়।

ফলত দুয়োখন বাহনৰ দুই চালকৰ থিতাতে মৃত্যু ঘটে। আৰক্ষীয়ে মৃত চালক দুগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

নিহত গেছ ট্ৰেংকাৰ খনৰ চালকজনক বাক্সা জিলাৰ ৰাম বসুমতাৰী বুলি জানিব পৰা গৈছে। আনহাতে ট্ৰাকখনৰ নিহত চালকজনৰ পৰিচয় বাতৰি লিখা পৰলৈ উদ্ধাৰ হোৱা নাই।

গাড়ী দুখনত থকা হেণ্ডিমেন দুজন সামান্য পৰিমানে আঘাতপ্ৰাপ্ত হয় যদিও সংকটমুক্ত বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

দূৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই যদিও দৃশ্যটোলৈ চাই অনুমান কৰিব পাৰি যে ট্ৰাকখন হঠাৎ ৰাষ্ট্ৰীয় ঘাইপথটোৰ ভুল দিশ লোৱাৰ বাবে দুয়োখন বাহনৰ মাজত নিয়ন্ত্ৰণ হেৰুৱাই দূৰ্ঘটনাটো সংঘটিত হৈছে।

Exit mobile version