Covid new strain : সন্ধান লাভ ক’ভিডৰ নতুন ৰূপ ‘নিউক’ভ’ৰ

covid 19 dna 1500x765 1

ডেল্টা, অ’মিক্ৰন এতিয়া অতীতত !সন্ধান পোৱা হৈছে ক’ভিডৰ নতুন ৰূপ ! এই দাবী কৰিছে চীনৰ এটা বিশেষজ্ঞৰ দলে। ক’ভিডৰ এই নতুন ৰূপৰ নাম হৈছে ‘নিওক’ভ’।

উহানৰ এই চিকিৎসা বিজ্ঞানীসকলৰ দাবী , ক’ভিডৰ এই নতুন ৰূপে প্ৰভাৱিত কৰিব পাৰে শ্বাসতন্ত্ৰক । চীনা বিশেষজ্ঞসকলৰ দাবী, এই প্ৰকাৰৰ মাৰাত্মক শক্তিও তুলনামূলকভাৱে বেছি। তিনিজনৰ ভিতৰত এজন সংক্ৰমিত লোক ‘নিওক’ভ’ৰ ফলত মৃত্যুবৰণ কৰিব পাৰে।

উহানৰ এটা ৱেবচাইটত প্ৰকাশিত হৈছে এই সংক্ৰান্ত গৱেষণাপত্ৰ । তাত, বিশেষজ্ঞসকলে দাবী কৰে যে বজাৰত চলিত কোনো কৰ’না ভেকছিনে ‘নিওক’ভ’ৰ ক্ষেত্ৰত কাৰ্যকৰী নহ’ব। যদিও এই ভাইৰাছটোৰ ওপৰত অধিক বিতং গৱেষণাৰ প্ৰয়োজন।

অৱশ্যে, ২০১৩ আৰু ২০১৫ চনতো ‘নিওকভ’ৰ দৰে প্ৰকাৰ পোৱা গৈছিল। ক’ভিড-১৯-ৰ স’তে যথেষ্ট সাদৃশ্য নিওকভ’। এনেধৰণৰ প্ৰথম প্ৰকাৰটো দক্ষিণ আফ্ৰিকাত পোৱা গৈছিল। ‘নিওকভ’ মুখ্যতঃ বাদুলিৰ শৰীৰত পোৱা যায়। বৃহস্পতিবাৰে, ৰাছিয়াৰ ভেক্টৰ ৰাছিয়ান ষ্টেট ৰিচাৰ্চ চেণ্টাৰ অফ ভাইৰোলজি এণ্ড বায়ো-টেকন’লজীয়ে এক বিবৃতি জাৰি কৰে।

তাত কোৱা হৈছে যে চীনা বিশেষজ্ঞসকলে সতৰ্ক কৰি দিয়া নতুন ৰূপটোৰ বিষয়ে এতিয়া চিন্তা কৰাৰ কোনো কাৰণ নাই। মানুহৰ শৰীৰ এই ৰূপৰ দ্বাৰা সংক্ৰমিত হোৱাৰ আশংকা অতি কম।

Exit mobile version