Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Opinion

দৰিদ্ৰলৈ সকাহ নে নেতালৈ সুযােগ?

প্রাঞ্জলসেন ডেকা

publisher by publisher
January 31, 2022
in Opinion
Reading Time: 1 min read
0
দৰিদ্ৰলৈ সকাহ নে নেতালৈ সুযােগ?
2
SHARES
18
VIEWS
ShareShareShareShare

যােৱা সপ্তাহৰ দুটা ঘটনাই আমি বহুতে ভাবি থকা কথা কিছুমানকে যেন খুচৰি দিলে। প্রথমতে, বিভিন্ন ৰাজনৈতিক দলে বিশেষকৈ নিৰ্বাচনৰ সময়ত অবাস্তৱ প্রতিশ্রুতি প্রদান কৰা অথবা ৰাজহুৱা ধনেৰে ৰূপায়ণ কৰা অযুক্তিকৰ বিনামূলীয়া আঁচনিৰ নামত চলি অহা তামাচাক লৈ যােৱা মঙলবাৰে দেশৰ সর্বোচ্চ ন্যায়ালয়ৰ উদ্বেগ প্রকাশ।

ADVERTISEMENT

দ্বিতীয়তে, বাজেটত ধার্য নােহােৱা আৰু কেবিনেটে অনুমােদন নিদিয়া কোনাে আঁচনি অথবা অনুদান ঘােষণাৰ পৰা মন্ত্রীসকলক বিৰত ৰাখিবলৈ যােৱা বৃহস্পতিবাৰে অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকৰ সিদ্ধান্ত। বিগত দুই-আঢ়ৈ দশকৰ পৰা দেশত এক ধৰণৰ নতুন ৰাজনৈতিক কৌশল পৰিলক্ষিত হৈছে। বিভিন্ন ৰাজনৈতিক দলে নির্বাচন জয়ৰ লক্ষ্যৰে হিতাধিকাৰী সৃষ্টিত সর্বাধিক গুৰুত্ব আৰােপ কৰি আহিছে।

RelatedPosts

অংক মাথোঁ লাভ-লোকচানৰ

ধুৰন্ধৰৰ শেষ আশ্রয় !

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?

ৰাজকোষৰ ধনেৰে ভােট ক্রয়ৰ উদ্দেশ্যেই যে ৰাজনৈতিক দল আৰু চৰকাৰে এনে আঁচনিসমূহ ঘােষণা অথবা ৰূপায়ণ কৰি আহিছে তাৰ ব্যাখ্যা নিষ্প্রয়ােজন। ভােটাৰক নিত্য নতুন আঁচনিৰ নামত নগদ ধন আদায় আৰু বিনামূলীয়া খাদ্যকে ধৰি বিভিন্ন সামগ্রী বিতৰণ কৰা হৈছে। লক্ষ্যণীয় এয়ে যে এটা দল অথবা এখন চৰকাৰে যি পৰিমাণৰ এনে ধন তথা সামগ্রী বিতৰণ কৰি আহিছে, প্রতিদ্বন্দ্বী আন দলেও তাতকৈ অধিক ধন, সামগ্রী তথা অন্যান্য সা-সুবিধা প্রদানৰ প্রতিশ্রুতি প্রদান কৰিছে।

এখন কল্যাণকামী ৰাষ্ট্ৰত দৰিদ্ৰ জনসাধাৰণক জীৱননির্বাহৰ বাবে সকাহ দিয়াটো চৰকাৰৰ দায়িত্ব আৰু কর্তব্য। এই ক্ষেত্ৰত কোনােৱে বিৰােধ কৰাৰ প্রশ্নই নুঠে; কিন্তু সম্প্রতি দেশত ই চৰকাৰী ধনেৰে ৰাজনৈতিক দলৰ ভােট ক্রয়ৰ আহিলা স্বৰূপ হৈ পৰিছে।

যিকোনাে চৰকাৰৰ প্রাথমিক কর্তব্য হােৱা উচিত দেশৰ নাগৰিকসকলক আত্মনিৰ্ভৰশীল হৈ উঠিবলৈ সকলাে ধৰণৰ সহায়-সহযােগিতা আগবঢ়োৱাটোহে; অথচ দুর্ভাগ্যজনকভাৱে তেনে প্রচেষ্টাৰ বিপৰীতে ভাৰতত দৰিদ্ৰ তথা আর্থিকভাৱে দুর্বলসকলক সামান্য বিনামূলীয়া খাদ্য সামগ্রী যােগান ধৰি ভােটদান কৰা যন্ত্ৰৰূপে জীয়াই ৰখা হৈছে।

এইসকলক জীৱন ধাৰণৰ মান উন্নয়নৰ সুযােগ নিদি একে অৱস্থাতে ৰাখি থােৱা হৈছে, যাতে সকলাে সময়তে তেওঁলােক চৰকাৰৰ মুখাপেক্ষী হৈ থাকিবলৈ বাধ্য হয়। ইয়াৰ বিনিময়ত ৰাজনৈতিক দলসমূহে তেওঁলােকক ভােট দিয়া যন্ত্ৰৰূপে ব্যৱহাৰ কৰি আহিছে। যদিও কংগ্ৰেছেই এনে কৌশল সর্বপ্রথমে দেশত প্রয়ােগ কৰিছিল, পৰৱর্তী পর্যায়ত আন ৰাজনৈতিক দলেই ইয়াক অধিক আগ্রাসী ৰূপত প্ৰয়ােগ কৰি আহিছে।

কংগ্ৰেছৰ কৌশলৰেই কংগ্ৰেছক বধৰ অভিযান চলাইছে বিজেপি, তৃণমূল কংগ্ৰেছ, সমাজবাদী পার্টি, বি এছ পি, ডি এম কে, এ আই ডি এম কে, তেলেংগানা ৰাষ্ট্র সমিতি, ৱাই এছ আৰ কংগ্ৰেছ আদি দলে। একেদৰে কংগ্ৰেছেও শাসনত থকা ৰাজ্যসমূহত এনে ধৰণৰ আঁচনিৰেই নির্বাচন জয়ৰ প্রচেষ্টা অব্যাহত ৰাখিছে।

অবাস্তৱ প্রতিশ্রুতি প্রদান কৰা তথা ৰাজকোষৰ ধনেৰে বিনামূলীয়া সামগ্রী বিতৰণ কৰি অহা ৰাজনৈতিক দলসমূহৰ পঞ্জীয়ন বাতিলৰ বাবে জনােৱা আবেদন গ্রহণ কৰি উচ্চতম ন্যায়ালয়ে সমগ্র বিষয়টোত গভীৰ উদ্বেগ প্রকাশ কৰিছে। মুখ্য ন্যায়াধীশ এন ভি ৰামান্না, ন্যায়াধীশ এ এছ বােপান্না আৰু ন্যায়াধীশ হিমা কোহলিৰ বিচাৰপীঠে সম্প্রতি এই ক্ষেত্ৰত কেন্দ্রীয় চৰকাৰ আৰু নির্বাচন আয়ােগৰ প্রতিক্রিয়া বিচাৰি জাননী জাৰি কৰিছে।

মুখ্য ন্যায়াধীশে এই সন্দৰ্ভত কৈছে, সন্দেহ নাই ই এটা অতি গুৰুতৰ বিষয়। এনে বিনামূলীয়া আঁচনিৰ বাজেট সাধাৰণ বাজেটতকৈ অধিক হৈ পৰা দেখা গৈছে। আমি ইয়াক কেনেকৈ নিয়ন্ত্রণ কৰিম? ইয়াৰ স’তে জড়িত আইনৰ প্ৰসংগতে তেওঁ এইদৰে প্রশ্ন উত্থাপন কৰে। আনহাতে, ৰাজ্যৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত কেবিনেট বৈঠকে গ্রহণ কৰা ওপৰত উল্লিখিত সিদ্ধান্তয়াে উচ্চতম ন্যায়ালয়ৰ আবেদনখনৰ উপযােগিতাকে যেন প্রমাণ কৰিলে।

ৰাজ্যত ৰাজনৈতিক স্বার্থত আৰু বিভিন্ন মহলক সন্তুষ্ট কৰিবলৈ মন্ত্রীসভাৰ সদস্যসকলে জধে-মধে আঁচনি অথবা অনুদান ঘােষণা কৰি আহিছে। তাৰে অধিকাংশই ৰূপায়ণ নহ’লেও বাজেট বহির্ভূর্ত এনে কিছু আঁচনি ৰূপায়ণ কৰিবলৈ গৈ ৰাজকোষৰ ওপৰত অযথা চাপৰ সৃষ্টি হয়।

ফলস্বৰূপে ই আন গৃহীত প্রস্তাৱ ৰূপায়ণৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে। আনকি বর্তমানৰ চৰকাৰখনেও কার্যভাৰ গ্ৰহণৰ পাছৰে পৰা এনে বিভিন্ন ঘােষণা কৰি আহিছে। অৱশ্যে ন্যায়ালয়ে যিয়ে নকওক, অনুৎপাদিত বিনামূলীয়া আঁচনি ৰূপায়ণৰ সন্দৰ্ভত কেন্দ্রীয় চৰকাৰ অথবা নির্বাচন আয়ােগৰ পৰা কোনাে ধৰণৰ সন্তোষজনক উত্তৰ আশা কৰিব নােৱাৰি।

কিয়নাে দেশৰ নির্বাচন আয়ােগ কেন্দ্রীয় চৰকাৰৰ বহতীয়া হৈ আহিছে বুলি ক’লেও অত্যুক্তি কৰা নহ’ব। ক্ষমতাধিষ্ঠিত ৰাজনৈতিক দলৰ আঙুলিৰ ইংগিততে যে আয়ােগে কার্যনির্বাহ কৰি আহিছে বিগত কালছােৱাত তাৰ বহু দৃষ্টান্ত দেশবাসীৰ সন্মুখত জিলিকি আছে। গতিকে শাসকপক্ষই ৰূপায়ণ কৰা আঁচনিৰ বিৰুদ্ধে আয়ােগে কোনাে ধৰণৰ কাৰ্যকৰী পদক্ষেপৰ প্ৰস্তাৱ দাঙি ধৰিব বুলি আশা নকৰাই ভাল।

অৱশ্যে বিভিন্ন সময়ত আয়ােগে সর্বদলীয় বৈঠকৰ আয়ােজন কৰি নিয়মমাফিক কেতবােৰ নীতি-নির্দেশনা জাৰি কৰি আহিছে; কিন্তু ইতিমধ্যে নখ-দন্তহীন বাঘত পৰিণত হােৱা নির্বাচন আয়ােগক এতিয়া আৰু ৰাজনৈতিক দলসমূহে বিশেষ গুৰুত্বসহকাৰে গ্ৰহণ কৰা পৰিলক্ষিত নহয়।

ইয়াৰ বিপৰীতে কেন্দ্রৰ লগতে বহুকেইখন ৰাজ্যত ক্ষমতাধিষ্ঠিত হৈ থকা বিজেপিয়ে এনে ধৰণৰ বিনামূলীয়া আঁচনিক নির্বাচন জয়ৰ মূল আহিলাৰূপে ব্যৱহাৰ কৰি আহিছে। গতিকে এই দলৰ চৰকাৰে এনেবােৰ আঁচনি বন্ধ কৰাৰ ক্ষেত্ৰত কোনাে পদক্ষেপ নােলােৱাটোৱেই স্বাভাৱিক।

এনে পৰিপ্ৰেক্ষিতত উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনে কোনাে ধৰণৰ ইতিবাচক দিশ নির্দেশনা দিব বুলি ভাবিব নােৱাৰি। সেয়ে হলেও ৰাজনৈতিক দলৰ অবিশ্বাস্য প্রতিশ্রুতি আৰু বিনামূলীয়া আঁচনিসমূহক লৈ বিগত সময়ছােৱাত বিভিন্ন সচেতন মহলে প্রকাশ কৰি অহা সকীয়নিলৈ উচ্চতম ন্যায়ালয়ে সমর্থন দিয়াটো লক্ষ্যণীয়।

আগন্তুক সময়ত ইয়াক লৈ জনমত গঢ়ি উঠাৰ সুযােগ নথকা নহয়। নির্বাচন জয়ৰ উদ্দেশ্যে ৰাজনৈতিক দলসমূহে দি অহা প্রতিশ্রুতিৰ অর্ধেক অংশও যে ৰূপায়ণ কৰা নহয় সেয়া ভাৰতীয় ভােটাৰতকৈ ভালকৈ আৰু কোনে জানিব! প্ৰতিটো দলৰ প্ৰতিজন প্রার্থীয়ে পাহাৰসদৃশ প্রতিশ্রুতি দিয়াটো নিয়মত পৰিণত হৈছে।

ইয়াৰ বিপৰীতে ক্ষমতাধিষ্ঠিত হােৱাৰ পাছত পুনৰ নির্বাচন জয়ৰ লক্ষ্যৰে অন্যান্য সকলাে ক্ষেত্রতে এৰা- ধৰা কৰি হ’লেও বিনামূলীয়া আঁচনিসমূহ ৰূপায়ণত অগ্রাধিকাৰ দিয়া হয়। তাৰ ফলস্বৰূপে আন গুৰুত্বপূৰ্ণ উন্নয়নমূলক কার্যসূচীসমূহ পিছপৰি ৰয়।

দেশী-বিদেশী বিভিন্ন সংস্থাৰ হেজাৰ হেজাৰ কোটি টকাৰ ধাৰত পােত গৈ থকা ৰাজ্য চৰকাৰসমূহেও এনেবােৰ আঁচনিতে অগ্রাধিকাৰ দি আহিছে। অথচ দৰিদ্ৰৰ সংখ্যা হ্রাস হােৱাতাে বাদেই, বৃদ্ধিহে পাই গৈছে। ইয়াৰ বিপৰীতে এচাম মুষ্টিমেয় পুঁজিপতিৰ ধন-দৌলত অভাৱনীয় হাৰত বৃদ্ধি পাই গৈছে।

ভাষণত যিয়েই নকওক,কার্যক্ষেত্ৰত দৰিদ্ৰ আৰু আর্থিকভাৱে দুর্বলসকলক উন্নত তথা স্বনিৰ্ভৰশীল জীৱন যাপনৰ বাবে প্রস্তুত কৰি তুলিবলৈ কোনাে এখন চৰকাৰেই আগ্রহী নহয়। ইন্দিৰা গান্ধীৰ গৰিবী হটাও’ৰ গানৰ পৰাই আজিও একে ছবিয়েই দেখি আহিছে দেশবাসীয়ে। সম্প্রতি পৰিস্থিতি যে অধিক জটিলতৰ হৈ পৰিছে, সেই সম্পর্কত প্রতিদিনে বিভিন্ন তথ্য-পৰিসংখ্যা চৰকাৰী-বেচৰকাৰী সংস্থাই প্রকাশ কৰিছে।

বিনামূলীয়া চৰকাৰী আঁচনিয়ে উপঢৌকনৰ বিনিময়ত ভােটৰ ৰূপ লৈ প্ৰকৃততে দেশত স্বচ্ছ আৰু নিকা নির্বাচনৰ পৰিবেশেই নষ্ট কৰি পেলাইছে। বিগত সময়ছােৱাত দেখা গেছে যে চৰকাৰ অথবা দলে কর্মসংস্থাপন সৃষ্টিৰ জৰিয়তে নিবনুৱা সমস্যাৰ সমাধান, উন্নত শিক্ষা ব্যৱস্থা, উন্নত স্বাস্থ্য আন্তঃগাঁথনি, আইনৰ শাসন প্ৰৱৰ্তন, সমাজৰ পিছপৰা শ্ৰেণীৰ উন্নয়ন আদিৰ পৰিৱর্তে বিনামূলীয়া সামগ্রী বিতৰণৰ আঁচনিতহে সর্বাধিক গুৰুত্ব আৰােপ কৰি আহিছে।

উল্লেখিত বিষয়সমূহে নির্বাচনী ইস্তাহাৰত স্থান লাভ কৰিলেও ক্ষমতা লাভৰ পাছত সেইবােৰলৈ দৃষ্টি দিয়াৰ প্রয়ােজন অনুভৱ নকৰে। অসমৰ ক্ষেত্ৰতে যদি চোৱা যায় তেন্তে আজি পর্যন্ত ৰাজ্যখন কোনাে এক ক্ষেত্ৰতে স্বনিৰ্ভৰশীল হৈ উঠিব নােৱাৰিলে। গতিকে কর্মসংস্থাপন সৃষ্টিৰ সুযােগেই বা ক’ত? যুৱ সমাজক সংস্থাপন লাভৰ বাবে প্রশিক্ষণ আদিৰ জৰিয়তে প্রস্তুত কৰি তােলাই নহ’ল।

কথাই কথাই স্বাভিমানী বুলি দাবী কৰা অসমীয়া সমাজ আজি বিনামূলীয়া চৰকাৰী আঁচনিতে আৱদ্ধ হৈ থকাটো চৰম দুর্ভাগ্যজনক। অকল সেয়েই নহয়, উদ্যোগ-বাণিজ্যৰ ক্ষেত্ৰখনতাে চৰকাৰে সকাহ নিদিয়াটো পৰিতাপৰ বিষয়। উদাহৰণস্বৰূপে কর্মসংস্থাপন সৃষ্টিত বিশেষ অৰিহণা আগবঢ়াই অহা অতি ক্ষুদ্র, ক্ষুদ্র আৰু মজলীয়া উদ্যোগসমূহলৈ সকাহ দিয়াৰ নামত চৰকাৰক যথেষ্ট উচ্চবাচ্য কৰা পৰিলক্ষিত হয় যদিও কার্যক্ষেত্ৰত এই খণ্ড মুঠেও উপকৃত হােৱা নাই।

বিভিন্ন চৰকাৰী নীতি-নিয়ম, কৰ-কাটল আদিয়ে বঞ্চ এই খণ্ডক কেঁকোৰা চেপাহে দিছে। বেংকসহ বিত্তীয় প্রতিষ্ঠানৰ চাপত এনেবােৰ উদ্যোগ-বাণিজ্যই ত্রাহিমধুসূদন সুঁৱৰিব লগা হৈছে। ফলস্বৰূপে কর্মসংস্থাপন সৃষ্টিৰ সুযােগ হ্রাস পাইছে। সাম্প্রতিক কৰ’না পৰিস্থিতিয়ে বিপর্যয়ৰ ছবিখন আৰু চৰকাৰী ব্যৱস্থাৱলীৰ অন্তঃসাৰশূন্যতা অধিক স্পষ্টৰূপত দাঙি ধৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: প্রাঞ্জলসেন ডেকা
publisher

publisher

Related Posts

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?
Opinion

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?

April 24, 2023
Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!
Opinion

Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!

April 19, 2023
Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?
Opinion

Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?

March 27, 2023
Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?
Opinion

Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?

March 20, 2023
Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা
Opinion

Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা

March 14, 2023
Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম
Opinion

Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম

March 13, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d