Rihanna : মাতৃ হ’বলৈ ওলাইছে ৰিহানা,সামাজিক মাধ্যমত ভাইৰেল ফটো

rihanna pregnant920 scaled

অন্তঃসত্বা আমেৰিকান পপ গায়িকা ৰিহানা। প্ৰেমিক গায়ক আছাপ ৰকি আৰু ৰিহানাই তেওঁলোকৰ প্ৰথম সন্তানৰ বাবে অপেক্ষা কৰি আছে ।

ৰিহানাৰ শৰীৰত মাতৃত্বৰ চিহ্ন ।বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে তেওঁলোকৰ এই ছবি । ফটোত দুয়োকে দেখা গৈছে ৰাজপথত । ষ্টাইলিছ ৰিহানাই গুলপীয়া ৰঙৰ এটা অভাৰকোট পিন্ধি আছে। তেওঁৰ পেটৰ কিছু অংশ উলিয়াই ৰাখিছে । তলত পৰিধান কৰিছে এটা নীলা জিন্স ।

কে’বাটাও সাক্ষাৎকাৰত, ৰিহানাই তেওঁৰ মাতৃ হোৱাৰ আকাংক্ষাৰ বিষয়ে কৈছে। তেওঁক প্ৰশ্ন কৰা হৈছিল যে তেওঁ পৰৱৰ্তী ১০ বছৰত এটা সন্তান জন্ম দিয়াৰ কথা ভাবি আছে নেকি?

৩৩ বছৰীয়া ৰিহানাই উত্তৰ দি কয়, “১০ বছৰ!” সেই সময়লৈকে, মোৰ বয়স ৪০ বছৰতকৈ অধিক হ’ব। মই তাৰ আগতে মা হ’ম। “

Exit mobile version