উত্তৰ গুৱাহাটী শিশু গ্ৰামত পিঞ্জৰাবদ্ধ হ’ল পূৰ্ণ বয়স্ক প্ৰকাণ্ড নাহৰ ফুটুকি

006afafe 54aa 11eb b67b 63f61e0d337d 1610443305585 1610466205426

উত্তৰ গুৱাহাটীত বহু দিনৰ পৰাই আতঙ্কময় পৰিৱেশ সৃষ্টি কৰি অহা দুচিন্তা কিছু আতৰিল যদিও অবকাশ থাকিয়ে গ’ল । কিয়নো এটা নাহৰ ফুটুকি বাঘ পিঞ্জৰাবদ্ধ হ’ল যদিও গুজৰি গুমৰি আছে আন এটি প্ৰকাণ্ড নাহৰ ফুটুকি বাঘে ।

দীৰ্ঘদিনৰ পৰা আতঙ্ক নমোৱা প্ৰকাণ্ড নাহৰ ফুটুকি বিচৰণৰ অভিযোগ উঠিছিল বহুদিনৰ পৰা । শিশু গ্ৰামৰ সমীপৰ জি এন আৰচি আৰু আই আই টি গেটৰ সমীপত পশুধন খাই তহিলঙ কৰি আহিছিল বাঘটোৱে।

কিছুদিন পুৰ্বে এ আই আই টি গেটৰ পথত নাহৰ ফুটুকি আৰু ডাম্পাৰ চালক নিশা মুখামুখি হৈছিল । ডাম্পাৰ চালকৰ বাঘৰ ফটো ছ’চিয়েল মিডিয়াত ভাইৰেলৰ হোৱাৰ পাছত সক্ৰিয় হ’ল চিলা বনাঞ্চলিক বিষয়াৰ দল ।

চাৰিদিন ধৰি শিশু গ্ৰাম চৌহদত পিঞ্জৰা পতা পাছতো আৱদ্ধ হোৱা নাছিল বাঘটো ।অৱশেষত আজি পিঞ্জৰাবদ্ধ হ’ল এটা পুৰ্ণ বয়স্ক নাহৰ ফুটুকি ।

বাঘ পিঞ্জৰাবদ্ধ খবৰ পোৱা মাত্ৰকে ,স্বস্তিৰ নিশ্বাস এৰিলে শিশু গ্ৰামৰ কন কন শিশু তথা স্থানীয় লোকে । স্থানীয় লোকৰ অভিযোগ, আই আই টি গেটৰ পাহাৰত এটা বাঘেই নহয় আছে হেনো বহু বাঘ ।

এজন স্থানীয় লোকে কোৱা আনুসৰি বাঘটো পিঞ্জৰাবদ্ধ হোৱা সময়ত তেওঁ চাবলৈ গৈছিল যদিও পিঞ্জৰাৰ বাহিৰত আন এটা প্ৰকাণ্ড বাঘ দেখি প্ৰাণ লৈ পলায়ন কৰে ।

ৰঙিয়া উত্তৰ কামৰূপ সংমণ্ডল বন বিষয়া চানি দেওল চৌধুৰীয়ে কয় ,’এই অঞ্চল নাহৰ ফুটুকীৰ বিচৰণভুমি । গতিকে নাহৰ ফুটুকীৰ ওপৰত আমি পৰ্যবেক্ষণত আছো ,ইয়াত বহু বাঘ আছে । আমি ইতিমধ্যে অঞ্চলটিৰ ঠায়ে ঠায়ে গণনাৰ বাবে ভিন্ন স্থানত লগাইছো চি চি কেমেৰা । ‘ পিঞ্জৰাবদ্ধ নাহৰ ফুটুকী টো পুনৰ অভয়াৰণ্যত মুকলি কৰাৰ বাবে উদ্যোগ লৈছে বন বিভাগে । আনটো বাঘ পিঞ্জৰাবদ্ধ কৰাৰ বাবে পুনৰ ফান্দ পাতিব বুলিও কলে বন সংমণ্ডল বিষয়া গৰাকীয়ে ।

Exit mobile version