বাসুগাঁৱত সাংবাদিকৰ ওপৰত নিৰ্মম আক্ৰমণৰ ঘটনাক গৰিহনা জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আছামৰ

দোষীক দৃষ্টান্তমূলক শাস্তিৰ দাবী

Screenshot 2022 02 07 23 43 05 02 6012fa4d4ddec268fc5c7112cbb265e7 01

চিৰাং জিলাৰ বাসুগাঁৱৰ প্ৰতিদিন টাইমৰ সাংবাদিক তথা চিৰাং জিলা প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক জয়ন্ত দেবনাথক আৰক্ষীয়ে কৰা আক্ৰমণৰ ঘটনাক জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আছামৰ ৰাজ্যিক সমিতিয়ে কঠোৰ ভাষাৰে গৰিহণা দিয়ে ৷ কৰ্তব্যৰত সাংবাদিকক কৰা এনে বৰ্বৰ অত্যাচাৰক গৰিহণা দিয়াৰ লগতে দোষী আৰক্ষীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰ আৰু আৰক্ষী সঞ্চালক প্ৰধানক দাবী জনাইছে জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আছামৰ ৰাজ্যিক সমিতিয়ে । চতুৰ্থ স্তম্ভৰ ওপৰত আৰক্ষীৰ এনে বৰ্বৰ অত্যাচাৰ চৰম গৰিহণাৰ বিষয় বুলিও কয় জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আছামৰ ৰাজ্যিক সমিতিয়ে।

ঘটনাৰ বিৱৰণি অনুসৰি বাসুগাঁও আৰক্ষী চকীৰ  প্ৰদীপ সাহা আৰু এলাৰ বৰ্মন নামৰ কনিষ্টবল দুজনে হেলমেট পৰিধান নকৰাকৈ মটৰ চাইকেল চলোৱাৰ দৃশ্য প্ৰত্যক্ষ কৰি সাংবাদিক গৰাকীয়ে আইন সকলোৰে বাবে সমান নহয় নেকি বুলি প্ৰশ্ন কৰি এই দৃশ্য ভিডিও কৰাৰ বাবে আৰক্ষী জোৱানে সাংবাদিকজনক অশ্ৰাব্য ভাষাৰে গালি গালাজ পাৰাৰ লগতে দিন দুপৰতে বাসুগাঁৱৰ ৰাজপথত নিৰ্মমভাবে প্ৰহাৰ কৰি আহত  কৰে । আনকি আৰক্ষীয়ে আইন হাতত তুলি লৈ সাংবাদিক গৰাকীক ভৰিৰে লঠিওৱা দৃশ্যৰ ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈছে । 

আঘাতপ্ৰাপ্ত জয়ন্ত দেৱনাথৰ চিকিৎসকে শাৰীৰিক পৰীক্ষা কৰাৰ অন্তত অৱস্থা গুৰুতৰ হোৱাত উন্নত চিকিৎসাৰ বাবে বঙাইগাঁৱৰ লৱাৰ আসাম নাৰ্চিং হোমত ভৰ্তি কৰোৱা হয় । ইফালে ঘটনাটিক কেন্দ্ৰ কৰি সাংবাদিকৰ উপৰি অঞ্চলবাসী ৰাইজ জাঙুৰ খাই উঠে । থানাৰ সম্মুখতে সাংবাদিক আৰু স্থানীয় ৰাইজে দোষী আৰক্ষীক শান্তি দিয়ক, অসম আৰক্ষী হায় হায়, অসম আৰক্ষী গো বেক, আৰক্ষীৰ দাদাগিৰি নচলিব ইত্যাদি ধ্বনি দি পৰিবেশ উত্তাল কৰি তোলে । অৱশেষত চিৰাং জিলাৰ উপ আৰক্ষী অধীক্ষক লৱ কুমাৰ ডেকা উপস্থিত হৈ সাংবাদিক জয়ন্ত দেবনাথৰ এজাহাৰৰ ভিত্তিত আৰু চিৰাং জিলাৰ সাংবাদিক সকলৰ দাবীৰ ভিত্তিত মাৰপিটত জড়িত থকা আৰক্ষী দুগৰাকীক ৰিজাৰ্ভ ক্লজ কৰা হয় ।

 

Exit mobile version