Cannibalism : আফগানিস্তানৰ মাদক ৰিহাব কেন্দ্ৰত মানুহৰ মাংস খাইছে মানুহে !

1644378403 afghani

আফগানিস্তানৰ মাদক ৰিহাব কেন্দ্ৰত ৰোগীয়ে খাইছে মানুহৰ মাংস ! শেহতীয়াকৈ,এই দাবী কৰিছে ডেনমাৰ্কৰ এজন সাংবাদিকে ।

ডেইলী মেইলত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, যোৱা মাহত ডেনমাৰ্কৰ সাংবাদিকজনে ৰিহাব কেন্দ্ৰৰ পৰা মুকলি কৰা এজন ব্যক্তিৰ স’তে কথা পাতিছিল।সেই লোকজনে দাবী কৰিছিল, তালিবান পৰিচালিত সেই ৰিহাব কেন্দ্ৰৰ ভিতৰৰ পৰিৱেশ ভয়ংকৰ।

ৰিহাবত ৰোগীসকলক সঠিকভাৱে খাবলৈ দিয়া নহয়। বেছিভাগ দিনেই তেঁওলোক খালি পেটত থাকিবলগীয়া হয়।

ৰোগীসকলৰ স্বাস্থ্যৰ যত্ন লোৱা নহয়। খাদ্য, সঠিক চিকিৎসাৰ অভাৱত মৃত্যু হৈছে বহুলোকৰ । ৰোগী আব্দুলে দাবী কৰিছিল যে ৰিহাব কেন্দ্ৰৰ পৰিস্থিতি দিনক দিনে বেয়া হৈ আহিছে। ৰোগীসকলে খাদ্য নাপালে ক্ৰমান্বয়ে হিংসাত্মক হৈ পৰিছে।

আব্দুলৰ দাবী, শেহতীয়াকৈ এজন লোকক কেবাজনমান লোকে হত্যা কৰি তেওঁৰ মাংস খাইছিল। আনকি হৰি কেন্দ্ৰৰ ভিতৰত থকা এখন পার্কৰ এটা মেকুৰীকো ধৰি মেকুৰীৰ কেঁচা মাংস খাইছিল ৰোগীয়ে।

কাবুলত ইউনাইটেড নেছন অব ড্ৰাগ এণ্ড ক্ৰাইম (ইউএনঅ’ডিচি)ৰ প্ৰধান চিজাৰ গুডছে জনাইছে, আফিমৰ উৎপাদন বৃদ্ধি কৰিছে তালিবানে ।

ফলস্বৰূপে, মাদকৰ মূল্য আৰু হ্ৰাস পাইছে, সহজলভ্য হৈছে মাদক । অধিক সংখ্যক লোক মাদকৰ প্ৰতি আসক্ত হৈছে।

Exit mobile version