থাৰুৰৰ ইংৰাজীত ভুল ধৰিলে কেন্দ্ৰীয় মন্ত্ৰী ৰামদাসে

untitled design 28 1080358 1644562008

কংগ্ৰেছ সাংসদ শশী থাৰুৰৰ ইংৰাজী ভাষাৰ দক্ষতাৰ কথা সময়ে সময়ে সংবাদ মাধ্যমত চৰ্চিত হৈ আহিছে। ইংৰাজী ভাষাৰ এজন সুদক্ষ লেখক হিচাপে পৰিচিত এইজন ৰাজনীতিকৰ ইংৰাজী উচ্চাৰণাে এক চৰ্চাৰ বিষয়।

কিন্তু শেহতীয়াভাৱে কংগ্ৰেছৰ এইজন সাংসদৰ ইংৰাজী লেখাত ভুল উলিয়ালে কেন্দ্রীয় মন্ত্রী ৰামদাস আঠবলেয়ে। থাৰুৰে বহু সময়ত এনে কিছুমান ইংৰাজী শব্দ ব্যৱহাৰ কৰে যিসমূহৰ অর্থ সহজে বােধগম্য নহয়।

অৱশ্যে এইবাৰ থাৰুৰৰ ইংৰাজী শব্দৰ ভুল বানানক লৈ সমালােচনা কৰিলে কেন্দ্রীয় মন্ত্রী আমদাসে।

দৰাচলতে বাজেট বিতৰ্কৰ সন্দৰ্ভত থাৰুৰে অলপতে এক টুইট কৰি ইংৰাজীতে এইদৰে লিখিছিল, ‘Nearly two- hour rely to the Bydget debate. The stunned & incredulous expression on Minister @RamdasAthawale’s face says it all…’।

থাৰুৰৰ এই টুইটৰ সন্দৰ্ভত প্রতিক্রিয়া প্রকাশ কৰি কেন্দ্রীয় মন্ত্রী ৰামদাসে কয় যে কংগ্ৰেছ সাংসদজনে টুইটত ইংৰাজী বানান ভুলকৈ লিখিছে।

‘আদৰৰ শশী থাৰুৰজী, ‘Bydget’ নহয়, হ’ব লাগে ‘BUDGET’, ‘Rely’ নহয়, হ’ব লাগে ‘Reply’৷’ এইদৰে থাৰুৰৰ বানান শুধৰালে কেন্দ্রীয় মন্ত্রীজনে। অৱশ্যে পাছত টুইট কৰি থাৰুৰে ‘টাইপ’ কৰাৰ সময়ত ইংৰাজী বানান ভুল হােৱাৰ কথা স্বীকাৰ কৰে।

Exit mobile version