পুনৰ আম্বানীক ওফৰাই এছিয়াৰ সবাতােকৈ ধনাঢ্য ব্যক্তি হ’ল আদানী

Mukesh Ambani Gautam Adani

মাত্র এদিন পূর্বে ৰিলায়েন্সৰ মুৰব্বী মুকেশ আম্বানীয়ে এছিয়াৰ সবাতােকৈ ধনাঢ্য ব্যক্তি হিচাপে পুনৰ স্বীকৃতি লাভ কৰিছিল।

কিন্তু শুকুৰবাৰে পুনৰ ধনাঢ্য ব্যক্তিৰ তালিকাত আম্বানীক পিছ পেলালে আদানী গ্রুপৰ মুৰব্বী গৌতম আদানীয়ে।

আমেৰিকাৰ শ্বেয়াৰ বজাৰত শেহতীয়াভাৱে হােৱা পতনৰ পৰিণতিত বিশ্বৰ ধনাঢ্য ব্যক্তিৰ তালিকাৰ শীর্ষ ১০ত থকা আদানীৰ বাহিৰে আন সকলাে অবুদ্ৰপতিৰ সম্পত্তিৰ পৰিমাণ হ্রাস পালে।

ফ’বছৰ পৰিসংখ্যা অনুসৰি শুকুৰবাৰে আদানীৰ সম্পত্তিৰ পৰিমাণ ২.১ বিলিয়ন ডলাৰ বৃদ্ধি পায়। বিশ্বৰ ধনাঢ্য ব্যক্তিৰ তালিকাত দশম স্থান লাভ কৰা আদানীৰ সম্পত্তিৰ পৰিমাণ শুকুৰবাৰে ৯১.২ বিলিয়ন ডলাৰলৈ বৃদ্ধি পােৱাৰ বিপৰীতে আম্বানীৰ মুঠ সম্পত্তিৰ পৰিমাণ হ’ল ৯১.০ বিলিয়ন ডলাৰ।

আদানীয়ে দশম স্থান পুনৰ দখল কৰাৰ বিপৰীতে আম্বানী একাদশ স্থানলৈ অৱনমিত হ’ল। বৃহস্পতিবাৰে আম্বানীৰ সম্পত্তিৰ পৰিমাণ ১.২ বিলিয়ন ডলাৰ হ্রাস পাইছিল।

Exit mobile version