বোৰ্খা নিপিন্ধাকৈ আফগানিস্তানত প্ৰদৰ্শন কৰক সাহস : কংগনাৰ প্ৰত্যাহ্বানৰ কি উত্তৰ দিলে শ্বাবানাই?

Shabana Azmi Kangana Ranaut 1644555649498 1644555660157

বোৰ্খা আৰু হিজাব বিতর্কত এইবাৰ মাত মাতিলে বলিউডৰ সদা বিতর্কিত অভিনেত্রী কংগনা ৰণৌটে। কংগনাই কর্ণাটকৰ বাংগালুৰুৰ শিক্ষানুষ্ঠানত অব্যাহত থকা হিজাব বিতর্কৰ প্ৰসংগত প্রতিক্রিয়া প্রকাশ কৰি সামাজিক মাধ্যমত কয় যে সাহস থাকিলে আফগানিস্তানত বোৰ্খা নিপিন্ধাকৈ ৰাজপথত বিচৰণ কৰা উচিত।

কংগনাই ইনষ্টাগ্ৰামত ইৰানৰ‘বোৰ্খাৰ পৰা বিকিনি’ শীর্ষক এখন পুৰণিফটো শ্বেয়াৰ কৰি এইদৰে মন্তব্য কৰিছিল, ‘যদি সাহস আছে আফগানিস্তানত বোৰ্খা পৰিধান নকৰাকৈ প্রমাণ দিয়ক। মুক্ত হ’বলৈ শিকক, নিজক পিঞ্জৰাত আবদ্ধ কৰি নাৰাখিব।’

কংগনাৰ বোৰ্খা বিষয়ৰ এই মন্তব্যৰ প্ৰসংগত তীব্র প্রতিক্রিয়া প্রকাশ কৰিলে বর্ষীয়ান অভিনেত্রী শ্বাবানা আজমীয়ে। হিন্দুস্তান আৰু আফগানিস্তানৰ মাজৰ প্ৰার্থক্যৰ কথা উল্লেখ কৰি শ্বাবানাই কংগনাক প্রত্যুত্তৰ দি কয়, ‘যদি মই ভুল তেন্তে শুদ্ধ কৰি দিব, কিন্তু আফগানিস্তান এখন ধার্মিক ৰাষ্ট্র আৰু মই যােৱাবাৰ দেখা পাইছিলাে যে ভাৰত এখন ধর্ম নিৰপেক্ষ গণতান্ত্রিক গণৰাজ্য আছিল?’

উল্লেখ্য যে বাংগালুৰুৰ এখন কলেজত ছাত্ৰীক হিজাব পৰিধান কৰি শ্ৰেণীকোঠাত প্ৰৱেশত বাধা দিয়াৰ পাছৰে পৰা বিজেপিশাসিত ৰাজ্যখনত হিজাবক লৈ এক বিতর্ক অব্যাহত আছে।

Exit mobile version