ডিজিটেল ভিক্ষাৰী :বিহাৰৰ এইজন ভিক্ষাৰীয়ে অনলাইনৰে গ্ৰহণ কৰে ভিক্ষা

images 1 3

ডিজিটেল ভাৰতত ভিক্ষাৰীও ডিজিটেল হ’ল। বিহাৰৰ এজন ভিক্ষাৰীয়ে সম্প্রতি সংবাদ শিৰােনাম দখল কৰিছে। কিয়নাে এইজন ভিক্ষাৰীয়ে অনলাইনৰ জৰিয়তে গ্রহণ কৰে ডিজিটেল পেমেন্ট। সাধাৰণতে বহুলােকে। ভিক্ষা বিচৰা লােকক খুচুৰা পইচা নাই বুলি কৈ ভিক্ষা দিয়াৰ পৰা আঁতৰি থাকে।

কিন্তু বিহাৰৰ যেতিয়া ৰেলৱে ষ্টেছনত, ভিক্ষাবৃত্তিৰে জীৱিকা অর্জন কৰা ৰাজু প্রসাদক কোনাে ব্যক্তিয়ে খুচুৰা বা নগদ ধন নথকাৰ অজুহাত প্ৰদৰ্শন কৰি ভিক্ষা নিদিয়াকৈ হাত সাৰিব নোৱাৰিব । কিয়নো ৰাজুৱে নগদৰ লগতে ডিজিটেল প্ৰাপ্তিৰ স্বীকাৰ কৰে ।

ৰাজুৰ ডিঙিত অঁৰা থাকে ই- ৱালেটৰ কিউ আৰ ক’ডৰ ফলক ।ৰাজুৱে শৈশৱৰ পৰা ৰেল ষ্টেচনত থকাৰ লগতে ভিক্ষা কৰি জীৱন নির্বাহ কৰি আহিছে। অঞ্চলটোৰ বাসিন্দাসকলে ৰাজুক ডিজিটেল ভিক্ষাৰী বুলি অভিহিত কৰে। ৰাজুৱে কয় যে বহু লােকে ভিক্ষা বিচাৰিলে খুচুৰা নাই বা নগদ ধন নাই বুলি কোৱাত এদিন তেওঁ বেংকত একাউন্ট খুলিছিল আৰু লগতে ‘ফোন-পে’ত একাউন্ট খুলি কিউ আৰ ক’ড স্কেন কৰি মানুহৰ পৰা ভিক্ষা গ্রহণৰ ব্যৱস্থা কৰি লৈছিল।

৪০বছৰীয়া বয়সৰ এইজন ডিজিটেল ভিক্ষাৰীয়ে বিগত তিনি দশক ধৰি বিহাৰৰ ৰেলৱে ষ্টেছনৰ লগতে অন্যান্য অঞ্চলত ভিক্ষা খুজি জীৱিকা আহৰণ কৰি আহিছে। ৰাজুৱে প্ৰকাশ কৰা মতে, তেওঁ প্রধানমন্ত্রী নৰেন্দ্ৰ মােদী আৰু বিহাৰৰ প্রাক্তন মুখ্যমন্ত্রী লালুপ্রসাদ যাদৱৰ অনুৰাগী।

কোনাে শিক্ষাগত অৰ্হতা নথকাত ৰাজুৱে ভিক্ষা মাগিবলৈ বাধ্য হৈছিল আৰু সম্প্রতি ভিক্ষাই হৈছে তেওঁৰ জীৱিকা। ডিজিটেল পদ্ধতিৰে ভিক্ষা গ্ৰহণ কৰা হেতুকে সম্প্রতি ৰাজু দেশজুৰি বহুল চর্চিত হৈছে। সাধাৰণতে ৰাজুৱে ৰেল ষ্টেচন আৰু বাছ আস্থানৰ পৰা বাহিৰলৈ ওলাই অহা লােকসকলক ভিক্ষা বিচাৰে।

ৰাজুৱে লগতে কয় যে যেতিয়াৰ পৰা তেওঁ ডিজিটেল ৱালেটৰ জৰিয়তে ভিক্ষা বিচৰা আৰম্ভ কৰিলে তেতিয়া পৰা তেওঁৰ উপার্জনাে বৃদ্ধি পাইছে। ডিজিটেল ভিক্ষাৰী ৰাজুৱে কয় ,’অনেক সময়ত মানুহে খুচুৰা পইচা বা নগদ ধন নথকা বুলি কৈ সহায় কৰিব নিবিচাৰে ।

বহু যাত্ৰীয়ে মোক কৈছিল যে ফোন -পে আদিৰ দৰে ই- ৱালেটৰ যুগত নগদ ধন কোনো লৈ ফুৰোব ।সেয়েহে মই বেংকত একাউন্ট খোলাৰ লগতে ই-ৱালেটো ব্যৱহাৰ কৰিব ল’লোভ।এতিয়া মই নগদৰ লগতে ফোন-পে,গুগল-পেৰ জৰিয়তেও পথচাৰীৰ পৰা প্ৰতিদিনে ভিক্ষা সংগ্ৰহ কৰি আহিছো ।মোৰ উপাৰ্জনো এতিয়া বাঢ়িছে ।’

Exit mobile version