কলগাছিয়াৰ চানমামা পাথাৰ গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড

আজি পুৱা কলগাছিয়াৰ চানমামা পাথাৰ গাঁৱৰ নজৰুল ইছলামৰ বাসগৃহত সংঘটিত হৈছে এক ভয়াবহ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত দুটা ঘৰ, পান কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ পৰিচয় পত্ৰ, এন আৰ চিৰ সমস্ত নথিপত্ৰৰ লগতে নগদ দুই লাখ টকা ভষ্মিভূত হয়।

বিদ্যূৎ বিচ্যুতিৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে। স্থানীয় লোকৰ প্ৰচেষ্টাত জুই নিৰ্বাপন হয় যদিও পৰিয়ালটোৰ বিস্তৰ ক্ষতি হৈছে।

অৱশ্যে ৰাইজৰ তৎপৰতাত আৰু কেবাটাও ঘৰ ৰক্ষা পৰে। নজৰুল ইছলামৰ পৰিয়ালে পুৱা ৰন্ধা-বঢ়া কৰি পুৱাৰ আহাৰ খাই খেতিলৈ ওলাই যোৱাৰ পাছতেই এই অগ্নিকাণ্ড সংঘটিত হয়।

স্থানীয় লোকে পৰিয়ালটোক ক্ষতিপূৰণ দিয়াৰ দিবলৈ চৰকাৰৰ ওচৰত আহ্বান জনাইছে।

Exit mobile version