Fodder Scam Case : পশুখাদ্য গোচৰত পুনৰ দোষী সাব্যস্ত লালুপ্রসাদ যাদৱ

lalu prasad yadav convicted

পশুখাদ্য কেলেংকাৰি (Fodder Scam) সংক্রান্ত এটা গোচৰত নতুনকৈ দোষী সাব্যস্ত হ’ল বিহাৰৰ প্রাক্তন মুখ্যমন্ত্রী লালুপ্রসাদ যাদৱ (Lalu Prasad Yadav) । ২১ ফেব্রুৱাৰীত এই গোচৰত লালুৰ শাস্তি ঘোষণা কৰিব ৰাঁচিৰ বিশেষ চিবিআই আদালতে (Special CBI Court in Ranchi) ।

ডোৰাণ্ডা ট্রেজাৰী কেছ (Doranda treasury case) নামে পৰিচিত এই গোচৰ । বেআইনীভাৱে ডোৰাণ্ডা ট্রেজাৰীৰ পৰা ১৩৯.৩৫ কোটি টকা লোৱা হৈছিল বুলি অভিযোগ উঠে । দেশৰ ইতিহাসত আটাইতকৈ বৃহৎ পশুখাদ্য গোচৰ এইটো । এই গোচৰতেই দোষী সাব্যস্ত হ’ল লালু । এই গোচৰত ২৪ জন অভিযুক্তক নিৰ্দোষী ঘোষণা কৰিছে আদালতে । ৩৫ জন অভিযুক্তক তিনি বছৰৰ কম সময়ৰ কাৰাদণ্ড দিছে ন্যায়াধীশ এছ কে শশীয়ে । এইবাৰ লালুৰ শাস্তি ঘোষণা কৰা হ’ব ।

১৯৯৬ত চিবিআই ডোৰাণ্ডা পশুখাদ্য অভিযোগত গোচৰ ৰুজু কৰা হৈছে । ১৭০ জনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে কেন্দ্রীয় তদন্তকাৰী সংস্থাই । অভিযুক্তসকলৰ ভিতৰত ৫৫ জনৰ ইতিমধ্যে মৃত্যু হৈছে । সাতজনে চৰকাৰৰ পক্ষৰ হৈ আদালতত সাক্ষ্য দিছে । আদালতে ৰায় দিয়াৰ আগতেই দুজনে নিজৰ অপৰাধ স্বীকাৰ কৰিছে । ৯৯ জন অভিযুক্তৰ শাস্তি ঘোষণা কৰিব আদালতে ।

এই পশুখাদ্য গোচৰত লালুৰ উপৰিও প্রাক্তন সাংসদ জগদীশ শর্মা, বিহাৰৰ তৎকালীন প্রাণীসম্পদ দপ্তৰৰ সচিব ড. আৰ কে ৰানা, প্রাণীসম্পদ দপ্তৰৰ এছিষ্টেণ্ট ডিৰেক্টৰ কে এম প্রসাদ অভিযুক্ত ।

ইয়াৰ পূৰ্বে দুমকা, দেওঘৰ আৰু চাইবাছা ট্রেজাৰী সংক্রান্ত চাৰিটা গোচৰত মুঠ ২৭ বছৰৰ কাৰাদণ্ড দিয়া হৈছে লালুক । তেওঁ অৱশ্যে পটনা উচ্চ ন্যায়ালয়ৰ পৰা চাৰিটা গোচৰতেই জামিন পাইছে । কিন্তু নতুনকৈ আৰু এটা গোচৰত দোষী সাব্যস্ত হোৱাত তেওঁ পুনৰ বিপাকত ।

আৰজেডি প্রধান লালু বিহাৰৰ মুখ্যমন্ত্রী থাকাকালীন ৯৫০ কোটি টকাৰ পশুখাদ্য কেলেংকাৰি হয় । ১৯৯৬ত এই কেলেংকাৰিৰ তদন্ত আৰম্ভ কৰে চিবিআই-য়ে । ৫৩টা পৃথক গোচৰ ৰুজু কৰিছে চিবিআই-য়ে । লালুক গ্রেপ্তাৰ কৰা হয় । পাছত তেওঁ পশুখাদ্য কেলেংকাৰিত দোষী সাব্যস্ত হয় । পাছত পুনৰ আন এটা গোচৰত তেওঁক দোষী সাব্যস্ত কৰিলে আদালতে ।

Exit mobile version