‘আপুনিতো ২২ মাহেও মুদ্রাস্ফীতি নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে’, মনমোহনৰ মোদী-সমালোচনাত সৰৱ নির্মলা সীতাৰমন

817931f85bfb89aeaec98cfc5d04e865 original

বৃহস্পতিবাৰে এটা ভিডিঅ’ বার্তাত নিজৰ উত্তৰসূৰীক বেনজিৰ ভাষাত আক্রমণ কৰিছে প্রাক্তন প্রধানমন্ত্রী মনমোহন সিঙে (Manmohan Singh) । সেই ভিডিঅ’কে লৈ আৰম্ভ হৈছে বিতর্ক । এইবাৰ ৮৯ বছৰীয়া প্রবীণ নেতাক আক্রমণ কৰিলে বিত্তমন্ত্রী নির্মলা সীতাৰমণে (Nirmala Sitharaman) ।

ভিডিঅ’ বার্তাত মনমোহন সিঙে কয়, “ইপিনে মানুহ সমস্যাত । আনহাতে, চাৰে সাত বছৰ ধৰি ক্ষমতাত থকা কেন্দ্রীয় চৰকাৰে নিজৰ ভুল স্বীকাৰ নকৰি আজিও প্রথম প্রধানমন্ত্রী নেহৰুক (Jawaharlal Nehru) দোষাৰোপ কৰি আহিছে । ম‌ই ভাবো প্রধানমন্ত্রী পদৰ এটা নিজস্ব মর্যাদা আছে । নিজৰ ভুলৰ বাবে ইতিহাসক দোষ নিদি সেই মর্যাদা বজায় ৰখা উচিত । ম‌ই যি ১০ বছৰ প্রধানমন্ত্রী আছিলো মোৰ কামে কথা কৈছে । ম‌ই কেতিয়াও বিশ্বৰ আগত দেশৰ সন্মানহানি হ’বলৈ দিয়া নাই ।”

নিজৰ নীৰৱতাৰ বাবে পৰিচিত মনমোহনৰ এই বেনজিৰ আক্রমণৰ উত্তৰত কি কৈছে বিত্তমন্ত্রীয়ে ? তেওঁক আক্রমণ কৰি বিত্তমন্ত্ৰী সীতাৰমনে কয়,”তেওঁ এনে এজন প্রধানমন্ত্রী যিয়ে ভাৰতক দুৰ্বল অর্থনীতিৰ দেশত পৰিণত কৰিবৰ বাবে স্মৰণীয় । ২২ মাহেও যিয়ে মুদ্রাস্ফীতিক নিয়ন্ত্রণ কৰিব নোৱাৰিলে । এনে এগৰাকী প্রধানমন্ত্রী, যিয়ে চকুৰ পছাৰতে দেখিছিল দেশৰ মূলধন বাহিৰলৈ গৈছে । আমাৰ বৈদেশিক মুদ্রাৰ সঞ্চয় ২৭৫ বিলিয়ন মার্কিন ডলাৰৰ পৰা বিগত সাত বছৰত ৬৩০ বিলিয়ন মার্কিন ডলাৰত পৰিণত হৈছে । অথচ তেওঁ হঠাৎ দেশৰ অর্থনীতিক লৈ মাত মাতিছে । এয়া পঞ্জাৱ নির্বাচনৰ (Punjab Election) বাবে নেকি ‌?”

লগতে তেওঁ প্রশ্ন উত্থাপন কৰিছে যে কংগ্রেছ শাসিত পঞ্জাৱত যেতিয়া লাভ ৰাখি টিকা বিক্রী কৰা হৈছিল, তেতিয়া মনমোহন কিয় নীৰৱ আছিল । বিত্তমন্ত্ৰীগৰাকীয়ে কয়, ”ম‌ই আপোনাক শ্রদ্ধা কৰো । কিন্তু এই ধৰণৰ কথা আপোনাৰ পৰা আশা কৰা নাছিলো । কেৱল নিৰ্বাচনৰ বাবে এজন শিক্ষিত প্রধানমন্ত্রী, যি দেশৰ শ্ৰেষ্ঠ অর্থনীতিবিদসকলৰো এজন, তেওঁ অতিমাৰীৰ সময়তো দেশক দ্রুততম অর্থনৈতিক উন্নতিৰ দিশত যাবলৈ এনে কথা কৈছে !”

Exit mobile version