Hijab Protest: অব্যাহত আছে হিজাব বিতৰ্ক , কৰ্ণাটক বিদ্যালয় ৫৮ গৰাকী ছাত্ৰী নিলম্বিত

1645251432 hijab karnataka

শুকুৰবাৰে হিজাব নিষিদ্ধ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল কৰ্ণাটকৰ শিৱমোগা জিলাৰ এখন বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে । তাৰ পাছত, নিলম্বিত কৰা হ’ল তেওঁলোকক । তথ্য অনুসৰি কমেও ৫৮ জন শিক্ষাৰ্থীক নিলম্বিত কৰা হৈছে।

অৱশ্যে, নিলম্বিত হোৱাৰ পাছতো, শিক্ষাৰ্থীসকলে তেওঁলোকৰ দাবীত অটল হৈ আছে। তেওঁলোকে কয়, “হিজাব আমাৰ অধিকাৰ। আমি মৰিবলৈও সাজু। কিন্তু হিজাবত কোনো আপোচ নকৰো। ”

নিলম্বিত ছাত্ৰীসকলক অনিৰ্দিষ্ট কালৰ বাবে বিদ্যালয় চৌহদত প্ৰৱেশত নিষেধাজ্ঞা জাৰি কৰা হৈছে । এই কেইগৰাকী শিক্ষাৰ্থীসকলৰ লগতে ১৪৪ ধাৰা উলংঘা কৰাৰ বাবে বাকীসকল শিক্ষাৰ্থী বিৰুদ্ধেও এটা গোচৰ ৰুজু কৰা হৈছে।

প্ৰশাসনে দাবী ,বিগত তিনিদিন ধৰি আৰক্ষী আৰু স্থানীয় তহচিলদাৰে ছাত্ৰ-ছাত্ৰীসকলক হিজাব পৰিধান নকৰাৰ নিয়মৰ বিষয়ে অৱগত কৰি আহিছে।

কৰ্ণাটকত হিজাবৰ পক্ষে বিপক্ষে প্ৰতিবাদ বন্ধ কৰা হোৱা নাই। হিজাব পিন্ধি শ্ৰেণী গ্ৰহণ কৰিব নোৱাৰিব,কৰ্তৃপক্ষৰ এই আদেশৰ প্ৰতিবাদত পদত্যাগ কৰিছে টুমাকুৰুৰ এখন মহাবিদ্যালয়ৰ এজন অতিথি শিক্ষকে।

বিগত তিনি বছৰ ধৰি তেওঁ সেই মহাবিদ্যালয়ত ইংৰাজী পঢ়াইছে। শেহতীয়াকৈ মহাবিদ্যালয়খনৰ অধ্যক্ষই তেওঁক মাতি হিজাব পিন্ধি শ্ৰেণী নল’বলৈ নিৰ্দেশ দিছিল। তাৰ পাছত, তেওঁ পদত্যাগ কৰে।

Exit mobile version