ভাৰতৰ প্ৰাপ্তবয়স্ক জনসংখ্যাৰ ৮০% য়ে লাভ কৰিলে ক’ভিড প্ৰতিষেধকৰ দুটা পালি

covid 19 vaccination efforts

ভাৰতৰ প্ৰাপ্তবয়স্ক জনসংখ্যাৰ ৮০% শতাংশই পালে ক’ভিড-১৯ প্ৰতিষেধকৰ দুটা পালি । শনিবাৰে এই কথা জনালে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই ।

চৰকাৰী তথ্য অনুসৰি, সমগ্ৰ ভাৰতত ক’ভিড-১৯ ভেকছিন পালিৰ সংখ্যা ১৭৫ কোটি অতিক্ৰম কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰদান কৰা তথ্য অনুসৰি দেশত স্বাস্থ্য সেৱা কৰ্মচাৰী (HCWs), ফ্ৰণ্টলাইন কৰ্মী (FLWs) আৰু ৬০ বছৰ বা তাতকৈ অধিক বয়সৰ কো-মৰ্বিডিটি আক্ৰান্তসকলক দিয়া হৈছে ১.৮৪কোটিতকৈও অধিক সতৰ্কতামূলক পালি।

ভাৰতবৰ্ষত প্ৰাপ্তবয়স্ক জনসংখ্যাৰ ৮০ শতাংশই ভেকছিনৰ দুটা পালি প্ৰদান কৰাৰ ঐতিহাসিকৰ মাইলৰ খুঁটি অতিক্ৰম কৰিছে, এক টুইটযোগে জনায় মনসুখ মাণ্ডৱিয়াই । তেওঁ লিখিছে, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ নেতৃত্বত ‘সবকা প্ৰৰ্থনা’ মন্ত্ৰালয়ৰ স’তে দেশখন ১০০ শতাংশ টিকাকৰণৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে।”

চৰকাৰী তথ্য অনুসৰি, দেশৰ প্ৰায় ৯৬.৫ শতাংশ প্ৰাপ্তবয়স্ক লোকে ক’ভিড-১৯ ভেকছিনৰ প্ৰথম পালি লাভ কৰিছে। ১৫-১৮ বছৰ বয়সৰ ২০ কুটিৰো অধিক কিশোৰ কিশোৰীয়ে ক’ভিড-১৯ ভেকছিনৰ দুয়োটা পালি লাভ কৰিছে বি চৰকাৰে জানিবলৈ দিয়ে।

দেশজুৰি টিকাকৰণ অভিযান বিগত বছৰৰ ১৬ জানুৱাৰীত আৰম্ভ হৈছিল। প্ৰথম পৰ্যায়ত, ভেকছিনটো স্বাস্থ্য সেৱাৰ স’তে পোনপটীয়াকৈ জড়িত কৰ্মচাৰীসকলক দিয়া হৈছিল। আগশাৰীৰ কৰ্মীসকলৰ কৰ’না টিকাকৰণ যোৱা বছৰৰ দুই ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হয়।

ক’ভিড টিকাকৰণৰ পৰৱৰ্তী পৰ্যায় বিগত বছৰৰ এক মাৰ্চত আৰম্ভ হয় । নিৰ্দিষ্ট কো-মৰ্বিডিটি থকা ৬০ বছৰৰ অধিক বয়সৰ লোক আৰু ৪৫ বছৰ বা তাতকৈ অধিক বয়সৰ লোকসকলৰ বাবে টিকাকৰণ আৰম্ভ হয়। বিগত বছৰৰ এক এপ্ৰিলৰ পৰা দেশখনত ৪৫ বছৰতকৈ অধিক বয়সৰ সকলো লোকৰ টিকাকৰণ আৰম্ভ হয়।

কেন্দ্ৰীয় চৰকাৰে তেতিয়া বিগত বছৰৰ এক মে’ৰ পৰা ১৮ বছৰৰ ওপৰৰ সকলোকে টিকাকৰণৰ অনুমতি দি টিকাকৰণ অভিযান সম্প্ৰসাৰিত কৰাৰ সিদ্ধান্ত লৈছিল। ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰসকলৰ বাবে চলিত বছৰৰ তিনি জানুৱাৰীৰ পৰা ক’ভিড-১৯ টিকাকৰণৰ পৰৱৰ্তী পৰ্যায় আৰম্ভ হৈছে।

দেশখনত অ’মিক্ৰনৰ তৃতীয় ঢৌ বাঢ়িবলৈ আৰম্ভ কৰাৰ লগে লগে, এই বছৰৰ ১০ জানুৱাৰীৰ পৰা, এইচচিডব্লিউ, এফএলডব্লিউ কে ধৰি নিৰ্বাচনী কামত জড়িত কৰ্মচাৰী আৰু ৬০ বছৰ বা তাতকৈ অধিক বয়সৰ কো-মৰ্বিডিটিত ভুগি থকা কৰ্মচাৰীসকলক ক’ভিড ভেকছিনৰ সাৱধানতামূলক পালি প্ৰদান কৰা হৈছে।

Exit mobile version