ক’ভিডত আক্রান্ত ৰাণী দ্বিতীয় এলিজাবেথ

AP22051428763721.0

কৰ’নাত আক্রান্ত ৰাণী দ্বিতীয় এলিজাবেথ । দেওবাৰে বাকিংহাম পেলেচৰ তৰফৰ পৰা এই কথা জনায়। তেওঁৰ শৰীৰত আছে কৰ’নাৰ মৃদু উপসর্গ । বৰ্তমান তেওঁ উইণ্ডছৰ কেচেলত আইচুলেচনত আছে।

বিগত ১০ ফেব্ৰুৱাৰীত কৰ’নাত আক্ৰান্ত হৈছিল দ্বিতীয় এলিজাবেথৰ জ্যেষ্ঠ পুত্ৰ প্ৰিন্স চাৰ্লছ । তথ্য অনুসৰি তাৰ দুদিন আগতে তেওঁ মাতৃৰ স’তে উইণ্ডছৰ কেচেলত লগ হৈছিল।

পুত্ৰ ক’ভিড আক্রান্ত হোৱাৰ পাছত ৰাণী এলিজাবেথে ক’ভিড পৰীক্ষা কৰিছে নে নাই সেয়া এতিয়াও জানিব পৰা হোৱা নাই। তাৰ পাছতে বিগত সপ্তাহত তেওঁ এটা অনুষ্ঠানত অংশ গ্ৰহণ কৰে আৰু এতিয়াই প্ৰকাশলৈ আহে তেওঁৰ সংক্ৰমিত খবৰ ।

বাকিংহাম পেলেচে এখন জাননী জাৰি কৰি কয় যে ৰাণী দ্বিতীয় এলিজাবেথৰ চৰ্দি হৈছে। কিন্তু অহা সপ্তাহৰ ভিতৰত পাতল কাম কাজ কৰাত তেওঁৰ কোনো সমস্যা নহয়। চিকিৎসকসকলৰ পৰামৰ্শ অনুসৰি তেওঁ সকলো ক’ভিড নিৰ্দেশনা অনুসৰণ কৰি আইচুলেচনত থাকিব। অৱশ্যে, তেওঁৰ বয়স ৯৫ বছৰ হোৱাত সামান্য চিন্তিত চিকিৎসক।ৰাণী দ্বিতীয় এলিজাবেথে কৰ’না ভেকছিনৰ দুইটা পালি গ্ৰহণ কৰিছে।

Exit mobile version