২৪০ যাত্ৰীসহ ইউক্ৰেইনৰ পৰা দিল্লীত অৱতৰণ কৰিলে এয়াৰ ইণ্ডিয়াৰ বিমানে

Ukraine Indian 16455841783x2 1

ইউক্ৰেইনৰ পৰা এয়াৰ ইণ্ডিয়াৰ এখন বিশেষ বিমানে প্ৰায় ২৪০ জন যাত্ৰীৰে কালি নিশা দিল্লীত অৱতৰণ কৰে । ব’য়িং ৭৮৭ বিমানখনে সন্ধিয়া ছয় বজাত ইউক্রেইনৰ ৰাজধানী কিভ ত্যাগ কৰি মাজনিশা দিল্লীত উপস্থিত হয় ।

সংবাদ সংস্থা এএনআই-য়ে টুইট কৰা ভিডিঅ’ত দেখা গৈছে, বিমানখনে ৰাজধানী দিল্লীত অৱতৰণ কৰাৰ লগে লগে যাত্ৰীসকলে উল্লাসত হাত চাপৰি বজাইছে আৰু বিজয় চিহ্ন দেখুৱাইছে ।

ৰাছিয়াৰ স’তে ক্ৰমবৰ্ধমান উত্তেজনাৰ সময়তে হেজাৰ হেজাৰ ভাৰতীয়ই ইউক্ৰেইনৰ পৰা দেশত উভতিবৰ বাবে অপেক্ষা কৰিছে । ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুতিনে ইউক্ৰেইনৰ দুটা বিচ্ছিন্নবাদী অঞ্চলক স্বাধীন দেশ হিচাপে স্বীকৃতি দিছে ।

Exit mobile version