বকোত আটক গৰুসহ তিনি চোৰ

বকোত গৰু চোৰ আটক ৰাইজৰ । জব্দ কৰিলে তিনিটা গৰু । গৰু চোৰটো গোৱালপাৰা জিলাৰ বুদ্দুচৰৰ মিজানুৰ হক ।

বকো ডনবস্কো নিবাসী গণেশ সিং ৰাভাৰ বাসগৃহত কাঠমিস্ত্ৰী হিচাপে কৰ্মৰত আছিল‌ । নিশা গৃহস্থৰ গৰু চোৰ কৰি দিলিংগা হৈ বাট পোনাইছিল । সন্দেহৰ আধাৰত দিলিংগা গাৰো পাৰাত আটক কৰি ৰাখে গৰুসহ চোৰটোক ।

ৰাতিপুৱা দিলিংগা পুথিভঁৰালত ৰাইজক গটাই দিয়ে গৰুসহ চোৰটোক । সম্প্ৰতি আৰক্ষী থানাৰ আলহী গৰু চোৰ মিজানুৰ হক ।

Exit mobile version