এক এপ্ৰিলৰ পৰা সকলো ক’ভিড নিষেধাজ্ঞা প্ৰত্যাহাৰ হ’ব দিল্লীত, আৰম্ভ হ’ব অফলাইন শিক্ষা

ক’ভিড সংক্রমণৰ হাৰ হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত সোমবাৰৰ পৰা দিল্লীৰ নৈশিক সান্ধ্য আইন প্ৰত্যাহাৰ কৰা হ’ব ।

দিল্লী দুৰ্যোগ প্ৰশমন বিভাগে (ডিডিএম‌এ) মাস্ক নিপিন্ধাৰ বাবে জৰিমনা এহেজাৰ টকাৰ পৰা হ্ৰাস কৰি পাঁচশ টকা কৰিছে । এক এপ্ৰিলৰ পৰা সকলো শিক্ষানুষ্ঠানে আনুষ্ঠানিক শ্ৰেণী আৰম্ভ কৰিব পাৰিব ।

সূত্ৰ অনুসৰি, ক’ভিড-১৯ সংক্ৰমণ হ্ৰাস পোৱাৰ বাবে নৈশিক সান্ধ্য আইন প্ৰত্যাহাৰ আৰু শিক্ষানুষ্ঠানসমূহ সম্পূৰ্ণ খোলাৰ সিদ্ধান্ত লোৱা হৈছে । ব্যৱসায়ত ক্ষতি হোৱাৰ বাবে জনসাধাৰণে অসুবিধাৰ সন্মুখীন হৈছে ।

নৈশ সান্ধ্য আইন প্ৰত্যাহাৰ কৰাৰ পাছত দোকান, ৰেস্তোৰাঁ আৰু অন্যান্য সংস্থাসমূহ গভীৰ নিশা পৰ্যন্ত খোলা থাকিব ।

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে, জনসাধাৰণে ক’ভিড-১৯ সুৰক্ষা বিধি অনুসৰণ কৰাৰ ক্ষেত্ৰত কঠোৰ দৃষ্টি ৰখা হ’ব । যদিহে ৰাজধানীত সক্ৰিয়তাৰ হাৰ বা প্ৰতি এশটা পৰীক্ষণত সংক্ৰমণৰ সংখ্যা এক শতাংশৰ তলত হয় তেতিয়া নিষেধাজ্ঞা নিষ্ক্ৰিয় থাকিব ।

Exit mobile version