প্ৰথম পাৰমাণৱিক ৰাষ্ট্ৰ যিয়ে কে’বা দশক ধৰি ভিক্ষা মাগি আহিছে : ঋণ সন্দৰ্ভত ক্ষোভ পাকিস্তানত

fik2ckq imran

আন্তৰ্জাতিক মুদ্ৰা তহবিল (আইএম‌এফ)ৰ পৰা ঋণৰ নতুন কিস্তি মুকলিৰ সময়তে, পাকিস্তান চৰকাৰে সময়মতে ঋণ আদায় নকৰাৰ বাবে চিভিল ছ’চাইটিৰ প্ৰতিক্ৰিয়াৰ সন্মুখীন হৈছে, বৃহস্পতিবাৰৰ এক প্ৰতিবেদনত প্ৰকাশিত ।

ইছলাম খবৰে দাবী কৰিছে যে, আৰ্থিক অব্যৱস্থাপনা আৰু দেশ পৰিচালনাৰ বাবে বৈদেশিক তহবিলৰ ওপৰত অতিৰিক্ত নিৰ্ভৰতাৰ বাবে চৰকাৰৰ প্ৰতি জনগণৰ আস্থা কমি গৈছে ।

পাকিস্তানৰ বিত্তমন্ত্ৰী শ্বৌকত টাৰিনে আইএম‌এফ ঋণৰ ষষ্ঠ পৰ্যায়ৰ অনুমোদনৰ ঘোষণা কৰি টুইটাৰত ক্ষুব্ধ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । তেওঁ টুইটাৰত লিখিছে, “ম‌ই ঘোষণা কৰিবলৈ পাই আনন্দিত যে আইএম‌এফ বোৰ্ডে পাকিস্তানৰ বাবে তেওঁলোকৰ কাৰ্যসূচীৰ ষষ্ঠ পৰ্যায় অনুমোদন কৰিছে ।”

প্ৰতিবেদনত উল্লেখ কৰা হয় যে, “এইটো কেৱল আশ্চৰ্যজনক নহয়, দুখজনকো যে, বিত্তমন্ত্ৰীয়ে ৰাষ্ট্ৰক দাসত্বত বন্দী কৰি, আইএম‌এফ-ৰ পৰা নতুন কিস্তি প্ৰাপ্তিত আনন্দ প্ৰকাশ কৰিছে ।”

পাকিস্তানৰ এক মিডিয়া সম্পাদকীয়ত উল্লেখ কৰা হয় যে, “পাকিস্তানে সম্ভৱত একমাত্ৰ পাৰমাণৱিক দেশ যাক দৈনন্দিন কামৰ বাবে ঋণৰ প্ৰয়োজন হয়, সাহায্যৰ বাবে ভিক্ষা খুজিবলগীয়া হয় আৰু এইটো কে’বা দশক ধৰি অব্যাহত আছে ।”

কিছু চৰ্ত পূৰণ সাপেক্ষে আইএম‌এফ-এ পাকিস্তানক এক বিলিয়ন মাৰ্কিন ডলাৰ ৰিলিজ কৰাৰ পাছত এই প্ৰতিক্ৰিয়া দিছে । ইয়াৰ ফলত দেশখনত ইন্ধনৰ মূল্য আৰু বিদ্যুতৰ শুল্ক ঐতিহাসিক উচ্চতাত আছে । নতুন তহবিল ইউএছডি ছয় বিলিয়ন বেইল‌আউট পেকেজৰ এটা কিস্তি । আইএম‌এফ-ৰ কাৰ্যবাহী বোৰ্ডে তিনি জুলাই, ২০১৯ত পাকিস্তানৰ বাবে বেইল‌আউট পেকেজ অনুমোদন কৰিছিল ।

Exit mobile version