Narendra Modi : কাচা বাদাম গোৱা কিলি আৰু নিমাৰ দৰে ‘টিক্‌টক্‌’ ভিডিঅ’ বনাওক শিশুসকলে, হেঁপাহ প্ৰধানমন্ত্ৰী মোদীৰ

0.50831000 1645846986 india focussing on aatmanirbharta in defence budget shows this commitment pm modi

বীৰভূমৰ ভুৱন বাদ্যকৰৰ ‘কাচা বাদাম’ গীতটিয়ে সম্প্ৰতি বিশ্বজুৰি খ্যাতি অৰ্জন কৰিছে । বাদাম বেচা গান ভাইৰেল হোৱাৰ পাছত ই আন্তর্জাতিক মঞ্চতো বিয়পি যায় । সেই গানত উঠ মিলাই নাচিছে অনলাইনৰ বিখ্যাত যুগল কিলি আৰু নিমাই । তানজানিয়াৰ এই যুগলে ইষ্টাটাগ্রামত বেংগলী কাচা বাদাম গানত নাচি যি ভিডিঅ’ বনায়, সেয়াও ভাইৰেল হৈ যায় । এইবাৰ সেই ভাতৃ-ভগ্নীৰ যুগলৰ নাম শোনা গ’ল প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ মুখত । ইয়াৰ উপৰি, ভাৰতৰ শিশুসকলে যাতে এই ধৰণৰ ভিডিঅ’ বনায় তাৰ বাবে আবেদন কৰিছে প্ৰধানমন্ত্ৰীয়ে ।

দেওবাৰে প্ৰাধানমন্ত্ৰী মোদীৰ ‘মন কি বাত’ অনুষ্ঠানৰ ৮৬তম সম্প্রচাৰ । এই সম্প্ৰচাৰতে প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতীয় ভাষাৰ প্রচাৰ আৰু প্রসাৰ বৃদ্ধি কৰিবলৈ এই ধৰণৰ লিপ ছিংকিং ভিডিঅ’ বনাবলৈ সৰুসকলক উৎসাহিত কৰিবলৈ কয় । ভাৰতত এতিয়া টিক্‌টক্‌ এপ্ নিষিদ্ধ হ’লেও এসময়ত অতি জনপ্রিয় আছিল । সেয়ে এই ধৰণৰ ভিডিঅ’ক সাধাৰণভাৱে টিক্‌টক্ ভিডিঅ’ বুলি কোৱা হয় ।

অৱশ্যে প্ৰধানমন্ত্ৰী মোদীয়ে বিনোদনৰ বাবে এনে ভিডিঅ’ বনোৱাত উৎসাহ দিয়া নাই । তেওঁ কয়, ‘‘কিলি আৰু নিমা ভাতৃ-ভগ্নীৰ দৰে সকলোৱে বিশেষকৈ বিভিন্ন ৰাজ্যৰ শিশুসকলে এনে ভিডিঅ’ বনাওক ।’’ প্ৰধানমন্ত্ৰী মোদীয়ে বিচাৰিছে, এখন ৰাজ্যৰ গান গাওক অন্য ৰাজ্যৰ ল’ৰা-ছোৱালীয়ে । ইয়াৰ ফলত ‘এক ভাৰত, শ্রেষ্ঠ ভাৰত’ গঠনৰ লক্ষ্যত দেশৰ বিভিন্ন ভাষা জনপ্রিয় হ’ব ।

Exit mobile version