Operation Ganga : ৰাছিয়াৰ আক্রমণ অব্যাহত, দেশত উভতিল ২৫০ জনীয়া দ্বিতীয় বিমান

1023320 students ukraine

কালি বুখাৰেষ্টৰ পৰা দিল্লীলৈ ৰাওনা হৈছিল এয়াৰ ইণ্ডিয়াৰ দ্বিতীয়খন বিমান । সেই বিমানতেই দেশত উভতিল আৰু ২৫০ জন ভাৰতীয় । ‘অপাৰেছন গংগা’ৰ (Operation Ganga) অধীনত এইটো দ্বিতীয় উদ্ধাৰকাৰী উৰন আছিল‌ । দেওবাৰে পুৱতি নিশাতে দিল্লী বিমানবন্দৰত অৱতৰণ কৰে বিমানখনে । ইয়াৰ আগতে ইউক্রেইনত আবদ্ধ হৈ থকা ২১৯ জন ভাৰতীয়ক লৈ শনিবাৰে ৰোমানিয়াৰ বুখাৰেষ্টৰ পৰা দেশত উভতে ‘অপাৰেছন গংগা’ৰ প্রথম বিমান ।

ইতিমধ্যে, আবদ্ধ হৈ থকা ভাৰতীয়সকলক লৈ তৃতীয়খন বিমানো বুদাপেষ্টৰ পৰা ৰাওনা হৈছে ভাৰতলৈ উদ্দেশ্যি । দেওবাৰে পুৱা ৰোমানিয়াৰ ৰাজধানী বুখাৰেষ্টৰ পৰা এয়াৰ ইণ্ডিয়া (AI)-192 বিশেষ বিমানে দিল্লী বিমানবন্দৰত অৱতৰণ কৰিলে কেন্দ্রীয় অসামৰিক বিমান পৰিবহন মন্ত্রী জ্যোতিৰাদিত্য‌ই সিন্ধিয়াই তেওঁলোকক ফুলেৰে আদৰণি জনায় ।

সিন্ধিয়াই জনায় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে (Prime Minister Narendra Modi) বাকী নাগৰিকসকলকো উদ্ধাৰ কৰিবলৈ ইউক্রেইনৰ ৰাষ্ট্রপতি ভল’দিমিৰ জেলেনস্কি (Ukrainian President Volodymyr Zelenskyy) আৰু ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাদিমিৰ পুটিনৰ (Russian President Vladimir Putin) স’তে যোগাযোগ কৰিছে ।

আজি মন্ত্রীগৰাকীয়ে শিক্ষাৰ্থীসকলক উদ্দেশ্যি কয়, ”প্রত্যেক নাগৰিকে ভাৰতলৈ উভতিছে । অনুগ্রহ কৰি আপোনালোকৰ সকলো বন্ধু আৰু সহকর্মীসকলক এই বার্তাটো প্ৰেৰণ কৰক যে আমি তেওঁলোকৰ লগত আছো আৰু তেওঁলোকক নিৰাপদে ঘূৰাই অনাৰ নিশ্চয়তা দিছো । প্রধানমন্ত্রী মোদীয়ে ইউক্রেইনীয় আৰু ৰাছিয়ান ৰাষ্ট্রপতিৰ স’তে যোগাযোগ কৰিছে, প্রত্যেককে নিৰাপদে ঘৰলৈ উভতাই অনা নিশ্চিত কৰাৰ ব্যৱস্থা কৰা হৈছে ।”

উল্লেখ্য, ২৪ ফেব্রুৱাৰী পুৱাৰ পৰাই ৰাছিয়াৰ সামৰিক আক্রমণ আৰম্ভ হয় ইউক্রেইনৰ ওপৰত । তেতিয়াৰ পৰাই ইউক্রেইনৰ আকাশসীমা অসামৰিক বিমান চলাচলৰ বাবে বন্ধ কৰি দিয়া হয় । ইউক্রেইনত আবদ্ধ ভাৰতীয়সকলক দেশত উভতাই অনাৰ উদ্যোগৰ নাম দিয়া হৈছে ‘অপাৰেছন গংগা’ ।

Exit mobile version