ৰেল বিভাগে গুৱাহাটীৰ ভূমি বহিৰাগত বণিয়াক হস্তান্তৰ কৰিব বিচৰা কাৰ্যৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

 ৰেল বিভাগক অসমৰ মাটি ঘূৰাই দিয়াৰ দাবী ছাত্ৰ সন্থাৰ

WhatsApp Image 2022 02 28 at 8.05.03 PM

৫৮ বিঘাটো দূৰৰে কথা, এক ইঞ্চি মাটিও হস্তান্তৰ কৰিবলৈ নিদিয়ে ছাত্ৰ সন্থাই

 

গুৱাহাটীৰ আমবাৰী, গুৱাহাটী ক্লাব, ৰেলৱে ষ্টেচনৰ লগতে বিভিন্ন অঞ্চলৰ ৫৮ বিঘা মাটি ৰেল বিভাগে বহিৰাগত বণিয়াক গতাই দিবলৈ ওলোৱা সিদ্ধান্তৰ প্ৰতিবাদত আজি সদৌ গুৱাহাটী ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে । গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত আছুৰ শতাধিক সদস্য, কৰ্মীয়ে ৰেল বিভাগ তথা অসম চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীসকলে কেৱল গুৱাহাটীৰে নহয় বৰঞ্চ অসমৰ এক ইঞ্চি মাটিও বহিৰাগতক হস্তান্তৰ কৰিবলৈ দিয়া নহ’ব বুলি ৰেল বিভাগক সকীয়াই দিয়ে ।

তেওঁলোকে হাতে হাতে পোষ্টাৰ, বেনাৰ লৈ অসম চৰকাৰ হায় হায়, ৰেলৱে বিভাগ হায় হায়, ৰেলৱেই অসম বিৰোধী কার্য বন্ধ কৰক, ৰেলৱেত খিলঞ্জীয়া বিৰোধী কার্য নচলিব আদি শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰে । প্ৰতিবাদত অংশ লৈ গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি আনোৱাৰ হুছেইন আৰু সাধাৰণ সম্পাদক নয়ন জ্যোতি নাথে কয়, ‘ৰেল বিভাগে অসমৰ ভূমি বহিৰাগতক হস্তান্তৰ কৰিবলৈ ওলোৱা কথাটোৱেই আমাৰ বাবে লজ্জাজনক তথা ধিক্কাৰজনক । ইয়াৰ পিছতো বিষয়টোৰ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীৰ মৌনতা কিয় ? যদি এই মৌনতাৰ আঁৰত কিবা স্বাৰ্থ আছে তেন্তে আমি সেয়া সহ্য কৰা নহ’ব । গুৱাহাটীৰ যি ভূমি ৰেল বিভাগে হস্তান্তৰ কৰিবলৈ বিচাৰিছে সেই ভূমিত বিভাগে যদি কোনো উন্নয়নমূলক কাম কৰিব নোৱাৰে তেন্তে ভূমিখিনি অসম চৰকাৰক ঘূৰাই দিয়ক । পূৰ্বতে পাণ্ডু ঘাটৰ পৰা গুৱাহাটী ক্লাৱৰ আমবাৰীৰ মাজেদি উজানবজাৰলৈ ৰেল চলিছিল । যাৰ বাবে ৰেলৱেক মাটি দিয়া হৈছিল । ৰেল ষ্টেচনৰ কাষত, ৰিজাৰ্ভ বেংকৰ কাষৰ মাটি ৰেল বিভাগক ব্যৱহাৰৰ বাবে দিয়া হৈছিল । যদি বিভাগক এতিয়া এই মাটিৰ প্ৰয়োজন নাই তেন্তে ঘূৰাই দিয়ক । তাকে নকৰি বহিৰাগত বণিয়াক উক্ত মাটি গতাবলৈ ওলাইছে । এই কার্য মানি লোৱা নহব ।’

তেওঁলোকে কয়, ‘বিভাগে অসমজুৰি উন্নত ৰেললাইন নিৰ্মান কৰিব পৰা নাই । ইলেক্ট্রিক ৰেলৰ চলাচল কৰিব পৰা নাই । ৰেল বাৰ্থ নিৰ্মান কাৰখানা অসমত স্থাপন কৰিব পৰা নাই । চি ডি স্তৰৰ চাকৰিসমূহ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ থলুৱাক নিযুক্তি দিব পৰা নাই । নতুন ৰেল প্ৰৱৰ্তনৰ পৰিৱৰ্তে বিভাগে ১২ খনকৈ ৰেল বাতিলৰহে ব্যৱস্থা কৰিছে । তাৰ পিছতো আকৌ ভূমি হস্তান্তৰ কৰিবলৈ ওলাইছে । যদি প্ৰয়োজন নাই সেই ভূমি অসম চৰকাৰক ঘূৰাই দিয়ক। অসম চৰকাৰে উক্ত ভূমি অসমৰ বণিয়াক দিয়ক । তাত আমাৰ আপত্তি নাই । কিন্তু অসমৰ মাটি, সম্পদ যিয়ে যেনেকৈ পাৰে সিয়ে বিক্ৰী কৰিব সেয়া আমি কেনেকৈ মানি ল’ম ? বহিৰাগত বণিয়াক গতাই ভূমি দিয়াৰ যি ষড়যন্ত্ৰ চলিছে সেয়া বন্ধ কৰক । আমাৰ ভূমি আমাৰ আবেগ । বাৰে বাৰে আমাৰ আবেগত আঘাত হানিব দিয়া নহ’ব ।’

নেতাদ্বয়ে ভূমি হস্তান্তৰ কৰাৰ বিষয়ত চৰকাৰৰ ভূমিকাক লৈয়ো প্ৰশ্ন উত্থাপন কৰে । তেওঁলোকে পুনৰ কয়, ‘ আমি আচৰিত হৈছোঁ যে ৰেল বিভাগৰ এই কাৰ্যত ৰাজ্য চৰকাৰে কোনো হস্তক্ষেপ কৰা নাই । অসমৰ মাটি কাক গতাব সেই সিদ্ধান্ত দিল্লীয়েহে লয় । অসমৰ ৰাইজৰ বাবে ই অত্যন্ত দুৰ্ভাগ্যজনক । অসমৰ ৰাইজে ভোট দি একোজন প্ৰতিনিধি নিৰ্বাচন কৰে । কিন্তু অসমৰ ৰাইজৰ হৈ মাত মতাৰ সময়ত তেওঁলোক নিমাত । তেওঁলোকে দিল্লীৰ ৰঙা চকুলৈ চাই কাম কৰে । অনাগত দিনত তেওঁলোকে অসমৰ ৰাইজৰ ওচৰত জবাবদিহি হ’ব লাগিব । সদৌ গুৱাহাটী ছাত্ৰ সন্থাই ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি যাব । কেৱল গুৱাহাটীৰে নহয় বৰঞ্চ অসমৰ এক ইঞ্চি মাটিও বহিৰাগতক যাতে নিদিয়ে তাৰ বাবে ৰেল বিভাগক সকীয়াই দিছে । ৰেল বিভাগে এনে কাৰ্যৰ পৰা বিৰত থাকক ।’

তেওঁলোকে অসম চুক্তিৰ ছয় নং দফাৰ আধাৰত প্ৰস্তুত কৰা প্ৰতিবেদনমৰ্মে অসমৰ খিলঞ্জীয়াৰ সাংবিধানিক ৰক্ষা কৱচ প্ৰদান আৰু খিলঞ্জীয়াৰ ভূমিৰ ওপৰত অধিকাৰ নিশ্চিত কৰা বিষয়টোৰ প্ৰাসংগিকতা আজি পুনৰ প্ৰমাণিত হ’ল বুলিও উল্লেখ কৰে ।

Exit mobile version