ইউক্ৰেইনত আবদ্ধ ছাত্ৰ-ছাত্ৰীসকলক অতি শীঘ্ৰে উদ্ধাৰ কৰক : এছ এফ আই

ইউক্ৰেইনত আবদ্ধ ভাৰতীয় শিক্ষাৰ্থীক উদ্ধাৰৰ দাবীত আজি ছাত্ৰ ফেডাৰেচনৰ এটা সজাতি দলে সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰক সাক্ষাৎ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

উল্লেখ্য যে কিভ আৰু ছুমি চহৰৰ লগতে ইউক্ৰেইনৰ সীমান্ত অঞ্চলত অসমৰ বহু চিকিৎসা বিজ্ঞান অধ্যয়নৰত শিক্ষাৰ্থী আবদ্ধ হৈ আছে । ইয়াৰে একাংশ ছাত্ৰ-ছাত্ৰীয়ে সামাজিক মাধ্যমৰ সহায়ত এছ এফ আইৰ অসমৰ ৰাজ্যিক কমিটীৰ স’তে যোগাযোগ স্থাপন কৰি তেওঁলোকক সোনকালে যুদ্ধক্ষেত্ৰৰ পৰা উদ্ধাৰ কৰি দেশলৈ উভতাই আনিবৰ বাবে অনুৰোধ জনাইছে ।

ইউক্ৰেইনত আবদ্ধ একাংশ ছাত্ৰ-ছাত্ৰীৰ অভিযোগমৰ্মে, দেশৰখনত অৱস্থিত ভাৰতৰ দূতাবাসে এতিয়ালৈ তেওঁলোকৰ প্ৰতি কোনো ইতিবাচক সঁহাৰি জনোৱা নাই । সেয়ে তেওঁলোক এতিয়া অনিশ্চয়তাত ভুগিছে ।

ছাত্ৰ ফেডাৰেচনে দাবী কৰে যে অতি শীঘ্ৰে ভাৰতৰ ছাত্ৰ-ছাত্ৰীক ঘূৰাই অনাৰ লগতে অসম চৰকাৰে ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীসকলক ইউক্ৰেইনৰ যুদ্ধক্ষেত্ৰৰ পৰা উদ্ধাৰ কৰি ৰাজ্যত ঘূৰাই আনিবৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।

ইউক্ৰেইনত আবদ্ধ ছাত্ৰ-ছাত্ৰীসকলক শীঘ্ৰে উদ্ধাৰ নকৰিলে আগন্তুক সময়ছোৱাত দেশজুৰি মোদী চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰা হ’ব বুলি সকীয়নি দিয়ে এছ এফ আয়ে ।

Exit mobile version