গুৱাহাটীৰ আঠগাঁৱত মিঠাই প্ৰস্তুতকাৰী কাৰখানাত জিএমচিৰ অভিযান

গুৱাহাটীৰ আঠগাঁৱত জিএমচিৰ অভিযান ।

দুটাকৈ মিঠাই প্ৰস্তুতকাৰী কাৰখানাত এই অভিযান ।

অভিযানত ছীল কৰা হৈছে গণেশ শ্বুইটছ নামৰ কাৰখানাটো ।

কদৰ্যময় পৰিৱেশত দীৰ্ঘদিন ধৰি প্ৰস্তুত কৰি আহিছিল মিঠাই ।

এই মিঠাই প্ৰস্তুত কৰা কাৰখানাৰ পৰাই বকো, ছয়গাঁৱৰ লগতে বিভিন্ন স্থানলৈ প্ৰেৰণ কৰা হৈছিল মিঠাই ।

এটা মাহৰ পূৰ্বে জিএমচিয়ে গণেশ চুইটছ নামৰ কাৰখানাটো সাত দিনৰ পূৰ্বে জাননীৰ জৰিয়তে সকীয়নি প্ৰদান কৰিছিল ।

লেটিনৰ পানীৰে মিঠাই প্রস্তুত কৰাৰ অভিযোগ আছিল । ইয়াৰ উপৰি বিচনাৰ তলত মিঠাই ৰাখিছিল ।

একে অভিযোগত সুৰজ যাদৱৰ মিঠাই প্ৰস্তুত কৰা কাৰখানাটো সতৰ্ক কৰি দিয়ে জিএমচিয়ে ।

এতিয়ালৈ মহানগৰীৰ ১৫টাৰো অধিক মিঠাই কাৰখানা চিনাক্ত কৰিছে জিএমচিয়ে ।

Exit mobile version