Twitter’s Birdwatch : ভুল টুইটত আৰু বিভ্ৰান্ত হ’ব নালাগে, শুধৰণি কৰিব টুইটাৰৰ ‘বার্ডৱাচ’এ

twitter

ভুৱা টুইটত আৰু বিভ্রান্ত, দিশহাৰা হ’ব নালাগে । ক’ত ভুল, সেয়া ধৰা পৰিলে সেই টুইটটো এইবাৰ চিহ্নিত কৰিব পৰা যাব । কোনোৱে যদি সেয়া কৰে, তেনেহ’লে সেই ভুল টুইটে অন্যক বিভ্রান্ত কৰাৰ শংকা কমিব ।

টুইটাৰ ব্যৱহাৰকাৰীসকলৰ বাবে এইবাৰ এই নতুন সুযোগ সম্পূৰ্ণভাৱে আৰম্ভ কৰিব টুইটাৰ কর্তৃপক্ষ‌ই । বৃহস্পতিবাৰৰ পৰা আমেৰিকাৰ টুইটাৰ ব্যৱহাৰকাৰীসকলৰ একাংশক এই সুযোগ ব্যৱহাৰ কৰাৰ সন্মতি দিয়া হৈছে । আমেৰিকাৰ দুটা সংবাদসংস্থা এছ’চিয়েটেড প্রেছ (এপি) আৰু ৰয়টাৰ্ছ-ৰ স’তে যৌথভাৱে এনে এটা ব্যৱস্থা টুইটাৰে আগতেই আৰম্ভ কৰিছে । এইটো কেৱল সংবাদৰ সত্যাসত্য পৰ্যবেক্ষণ কৰিবৰ বাবে, ব্যৱহাৰকাৰীসকলৰ বাবে টুইটাৰৰ এই নতুন সুযোগ তাতকৈ একেবাৰে পৃথক ।

এই ক্ষেত্রত টুইটত ‘বার্ডৱাচ’এ লিখা এটা অংশ থাকিব । যিসকলৰ বৈধ টেলিফোন নম্বৰ দিয়া আছে তেওঁলোকে টুইটাৰত ‘বার্ডৱাচ’এ লিখা অংশত ক্লিক কৰিলে তেওঁলোকক বৈধ টেলিফোন নম্বৰ জানিব বিচৰা হ’ব । তেওঁৰ বৃত্তিৰ বিষয়ে জানিব বিচৰা হ’ব ? সঠিক ঠিকনা কি ? কেতিয়াবা টুইটাৰৰ নিয়মাৱলী ভংগ কৰিছিল নেকি ? এইসমূহ প্রশ্নৰ সঠিক উত্তৰ পালেই ব্যৱহাৰকাৰীৰ ক্লিকত খুলি যাব বার্ডৱাচ ।

টুইটাৰ কর্তৃপক্ষ‌ই জনাইছে, যিদৰে বার্ডৱাচ-ত বিশেষ কোনো টুইট সম্পর্কে বিশেষজ্ঞসকলে নিজৰ মত লিখিব পাৰিব, তেনেদৰে সাধাৰণ লোকেও নিজৰ মত প্ৰকাশ কৰিব পাৰিব । প্রত্যেকৰে মতামত চোৱা, পঢ়া হ’ব বার্ডৱাচত । ইয়াত ইজনে সিজনৰ ভুল শুধৰাই দিব পাৰিব । বাকীসকলে আৰু বিভ্রান্ত হ’ব নালাগে ।

আমেৰিকাত প্রাথমিকভাৱে আৰম্ভ হোৱাৰ পাছত যথা সম্ভৱ শীঘ্ৰে এই সুযোগ বিশ্বৰ সকলো প্রান্তৰ ব্যৱহাৰকাৰীৰ বাবে উপলব্ধ কৰা হ’ব বুলি টুইটাৰৰ তৰফৰ পৰা আশ্বাস দিয়া হৈছে ।

Exit mobile version