বোকাখাতত শান্তিপূর্ণভাৱে ১০টা ৱাৰ্ডত ভোটগ্রহণ সম্পন্ন

বোকাখাত পৌৰসভাৰ ভোটগ্রহণ আজি শান্তিপূর্ণভাৱে সম্পন্ন হয় । ১০টা ৱাৰ্ডৰ মুঠ ভোটাৰৰ সংখ্যা ১৫৩০০ গৰাকী । পুৱা আঠ বজাৰ পৰা বিয়লি চাৰি বজা পৰ্যন্ত ভোটগ্রহণ হয় । ৯ নং ৱাৰ্ডৰ খৃষ্টজোতি স্কুলত কেবিনেট মন্ত্রী অতুল বৰাই আজি ভোটদান কৰে ।

মহকুমা প্ৰশাসনৰ পৰা জানিব পৰা মতে, ভোটগ্রহণৰ হাৰ ৬৭.২৮শতাংশ । ইয়াৰে পুৰুষ ৬৯.১৯ শতাংশ, মহিলা ৬৭.৩৭ শতাংশ । ২১টা ভোট কেন্দ্রত ভোটগ্রহণ কৰা হয় । ৩০ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে । ন মাৰ্চৰ পুৱা আঠ বজাৰ পৰা ভোটগননা কৰা হ’ব ।

মৰাণ পৌৰ নিৰ্বাচন

আজি বিয়লি চাৰি বজাত মৰাণ পৌৰসভা নিৰ্বাচন শান্তিপূৰ্ণভাৱে সামৰণি পৰে । চৰাইদেউ জিলাৰ মৰাণ পৌৰসভাৰ মুঠ ১১ টা ৱাৰ্ডত ভোটাৰৰ সংখ্যা আছিল ৫,৪২৯ গৰাকী । ভোটদান কৰে ৩৮২০ গৰাকীয়ে । ভোটদানৰ হাৰ ৭০.৩৬ শতাংশ । মৰাণ পৌৰসভাৰ ১ নম্বৰ ৱাৰ্ডত ভোটাৰৰ সংখ্যা মুঠ ৬২৩ গৰাকী । ভোটদান কৰে ৪১৩ গৰাকীয়ে ।

২ নম্বৰ ৱাৰ্ডত ভোটাৰৰ সংখ্যা ৮৩৩ গৰাকী । ভোট দিয়ে ৬২২ গৰাকীয়ে । ৩ নম্বৰ ৱাৰ্ডত মুঠ ভোটাৰ ১,০৫৫ গৰাকী । ভোট দিয়ে সাতশগৰাকীয়ে । ৪ নম্বৰ ৱাৰ্ডত মুঠ ভোটাৰ আছে ৭৫৫ গৰাকী । ভোট দিয়ে ৫৭৬ গৰাকীয়ে । ৫ নম্বৰ ৱাৰ্ডত সৰ্বমুঠ ভোটাৰ ২৩৫ গৰাকী । আজি ভোটদান কৰে ১৭৬ গৰাকীয়ে । ৬ নম্বৰ ৱাৰ্ডত মুঠ ভোটাৰৰ সংখ্যা ৮২২ গৰাকী । ভোট দিয়ে ৫৩৮ গৰাকীয়ে । ৭ নম্বৰ ৱাৰ্ডত মুঠ ভোটাৰৰ সংখ্যা ১৭২ গৰাকী । ভোট সাব্যস্ত কৰে ১০৬ গৰাকীয়ে ।

৮ নম্বৰ ৱাৰ্ডত মুঠ ভোটাৰৰ সংখ্যা ৪২৬ গৰাকী । ভোটদান কৰে ২৮৬ গৰাকীয়ে । ৯ নম্বৰ ৱাৰ্ডত মুঠ ভোটাৰ ১৭৮ গৰাকী । ভোট দান কৰে ১৫২ গৰাকীয়ে । ১০ নম্বৰ ৱাৰ্ডত ভোটাৰ আছে ৬৫ গৰাকী । ভোট দিয়ে ৫৫ গৰাকীয়ে । সেইদৰে ১১ নম্বৰ ৱাৰ্ডত ২৬৫ গৰাকী । ভোটাদান কৰে ১৯৬ গৰাকীয়ে ।

৭০ শতাংশ ভোটদানেৰে ধিং পৌৰসভাৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত

সমগ্ৰ ৰাজ্যৰ লগতে ধিঙটো ধিং পৌৰসভাৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে অন্ত পৰে ৷ ১৫,৭১৫ গৰাকী ভোটাৰ থকা পৌৰসভাখনৰ মুঠ ১০টা ৱাৰ্ডৰ বাবে ৩১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰা আজিৰ এই নিৰ্বাচনত ভোটদানৰ হাৰ আছিল প্ৰায় ৭০ শতাংশ ৷

পুৱাৰে পৰা প্ৰটিতো ভোটগ্ৰহণ কেন্দ্ৰত শৃংখলাবদ্ধ আৰু শান্তিপূৰ্ণতাৰে শাৰী পাতি ভোটাৰসকলে ভোটাধিকাৰ সাব্যস্ত কৰে ৷ পৌৰসভাখনৰ প্ৰতিটো ৱাৰ্ডৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত ভোটাৰ আৰু প্ৰাৰ্থীসকলৰ মাজত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হয় ৷

Exit mobile version