যুৱ সাংবাদিক কাজু ৰবিদাসৰ প্ৰশংসনীয় পদক্ষেপ

দেৰগাঁৱত 'চিকিৎসাসেৱা কেন্দ্ৰ' উদ্ধোধন

দেৰগাঁৱৰ এজন সংবাদকৰ্মী তথা উদীয়মান যুৱ ঔষধ ব্যৱসায়ী কাজু ৰবিদাসৰ স্বত্বাধীন দেৰগাঁও-গোলাঘাট সংযোগী হেমচন্দ্ৰ গোস্বামী পথত অৱস্থিত মাইনা মেডিকেলৰ এটি ‘চিকিৎসাসেৱা কেন্দ্ৰ’ৰ দেওবাৰে উদ্ধোধন কৰা হয় ।

সংবাদসেৱাক নিচা হিচাপে লোৱাৰ সমান্তৰালভাৱে ঔষধ ব্যৱসায়ক পেচাৰূপে লৈ স্বাৱলম্বীতাৰ সপোন দেখা দেৰগাঁৱৰ ভিতৰুৱা ব্ৰহ্মপুত্ৰ অঞ্চলৰ যুৱকজনৰ কৰ্মক উৎসাহ দিবলৈ উদ্বোধনী অনুষ্ঠানত দেৰগাঁৱৰ কে’বাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

যোৰহাটৰ বিশিষ্ট ডায়েবেটিচ ৰোগ বিশেষজ্ঞ ডাঃ অংকিত শৰ্মা এই অনুষ্ঠানত উপস্থিত থাকে । দেৰগাঁৱৰ বিশিষ্ট সমাজকৰ্মী তথা বোলছবি প্ৰযোজক নুৰুল চুলতানে আনুষ্ঠানিকভাৱে এই চিকিৎসা কক্ষটো উদ্ধোধন কৰি কেৱল সংবাদসেৱাতে বৰ্তী নাথাকি ব্যৱস্যায়ৰ ক্ষেত্ৰতো আত্মনিয়োগৰ প্ৰচেষ্টা চলোৱা উচ্চ শিক্ষিত যুৱক কাজু ৰবিদাসৰ পদক্ষেপক শলাগ লয় ।

দেৰগাঁৱৰ কমল দুৱৰা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ভোলা হাজৰিকা, দেৰগাঁও সাংবাদিক সন্থাৰ সভাপতি বিচিত্ৰ ভূষণ কলিতা, জেষ্ঠ নাগৰিক সন্থাৰ উপসভাপতি গুণীন শৰ্মা, জগদীশ আগৰৱালা , অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ উত্তৰ-পূৰ্বৰ সম্পদাক সত্যজিৎ হাজৰিকা, সাংবাদিক জ্যোতি হাজৰিকাসহ কে’বাজনো গন্য-মান্য ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকে ।

Exit mobile version