IC-814 Hijack Case : কৰাচীত আইচি-৮১৪ বিমান অপহৰণৰ স’তে জড়িত জহুৰ ইব্ৰাহিমৰ মৃত্যু

1646812827 air india

১৯ চনত কাঠমাণ্ডুৰ পৰা দিল্লীলৈ আইচি-৮১৪ বিমান অপহৰণৰ স’তে জড়িত আটাইতকৈ কুখ্যাত সন্ত্ৰাসবাদীসকলৰ ভিতৰত এজন আছিল মাষ্টাৰমাইণ্ড জহুৰ ইব্ৰাহিম।

সূত্ৰ অনুসৰি, পাকিস্তানৰ কৰাচীত অচিনাক্ত আক্ৰমণকাৰীয়ে তেওঁক গুলীয়াই হত্যা কৰে। নিষিদ্ধ উগ্ৰপন্থী সংগঠন জৈশ-ই-মহম্মদৰ সদস্য হিচাপেও জহুৰ দীৰ্ঘদিন ধৰি সক্ৰিয় আছিল।

তেওঁ কৰাচীত দীৰ্ঘদিন ধৰি জাহিদ আখুন্দ নামেৰে বাস কৰি আছিল। কৰাচীৰ আখটাৰ কলনীত তেওঁৰ এখন আচবাবৰ দোকানো আছিল।

তথ্য, এক মাৰ্চত কৰাচীৰ আখটাৰ কলনীত জহুৰৰ মূৰত পইণ্ট ব্লেংক ৰেঞ্জৰ পৰা দুবাৰ গুলী চালনা কৰি পলায়ন কৰে অচিনাক্ত আক্ৰমণকাৰী।

১৯৯৯ চনৰ ২৪ ডিচেম্বৰত জহুৰকে ধৰি পাঁচজন উগ্ৰপন্থীয়ে আইচি-৮১৪ বিমানখন অপহৰণ কৰে। মাছুদ আজহাৰ আলভিকে ধৰি তিনিজন কুখ্যাত উগ্ৰপন্থী নেতাৰ মুক্তিৰ দাবীত বিমানখন অপহৰণ কৰা হৈছিল।

বিমানখনত মুঠ ১৭৯ জন যাত্ৰী আৰু ১১ জন কৰ্মচাৰী আছিল। অৱশেষত অমৃতসৰ, লাহোৰ আৰু ডুবাই হৈ যোৱা বিমানখন আফগানিস্তানৰ কান্দাহাৰত ৰখাই দিয়া হয়।

উগ্ৰপন্থীসকলে ৰূপিন কাতিয়াল নামৰ এজন যাত্ৰীকো নিৰ্মমভাৱে হত্যা কৰিছিল। বাকী যাত্ৰীসকলৰ জীৱনৰ বিনিময়ত অৱশেষত মাছুদকে ধৰি তিনিজন উগ্ৰপন্থী নেতাক মুকলি কৰি দিয়া হয়।

সূত্ৰ অনুসৰি, জহুৰৰ অন্ত্যেষ্টিক্ৰিয়াত জৈশৰ এজন মুৰব্বী তথা কুখ্যাত উগ্ৰপন্থী নেতা মাছুদ আজহাৰৰ ভাতৃ ৰউফ আসগৰো উপস্থিত থাকে ।

Exit mobile version