এইবাৰ নতুন ৰূপত মহেন্দ্ৰ সিং ধোনী !

আসন্ন আই পি এলৰ বাবে সাজু হৈছে সকলাে দল। উল্লেখ্য যে এইবাৰ আইপি এলৰ উদ্বোধনী মেচত চেন্নাইছুপাৰ কিংছ দলে খেলিব কলকাতা নাইট ৰাইডাছৰ বিৰুদ্ধে।

মেচখন অনুষ্ঠিত হ’ব অহা ২৬ মার্চত মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত। উল্লেখ্য যে এইবাৰ কৰনাৰ বাবে আই পি এলৰ লীগৰ সকলাে মেচে মহাৰাষ্ট্ৰত হ’ব।

চাৰিখন ষ্টেডিয়ামত অনুষ্ঠিত হ’ব মেচ। মুম্বাইৰ তিনিখন ষ্টেডিয়ামত মুঠ ৫৫ খন মেচ হ’ব। ইফালে, ফাইনেলসহ নকআউট মেচ আহমেদাবাদত হ’ব।

নৰেন্দ্ৰ মােডী ষ্টেডিয়ামত অহা ২৯ মে’ত হ’ব আই পি এলৰ ফাইনেল। এইবাৰ আইপিএলত এক নতুন ৰূপত দেখিবলৈ পােৱা যাব মহেন্দ্র সিং ধােনিক।

প্রতিযােগিতা প্রমােছন কৰাৰ বাবে ধােনিয়ে গোঁফ ৰাখিছে। সম্প্রতি তেওঁৰ অনুৰাগীসকলৰ বাবে এয়া চৰ্চাৰ বিষয়াে হৈ পৰিছে।

উল্লেখ্য যে, ভাৰতীয় ক্রিকেটৰ অন্যতম তাৰকা উইকেটকীপাৰ বেটমেন ধােনিয়ে ক্রিকেট কেৰিয়াৰত বাৰে বাৰে হেয়াৰ ষ্টাইল সলনি কৰা দেখা গৈছে।

বিশ্বকাপ বিজয়ী ভাৰতীয় অধিনায়ক গৰাকীৰ হেয়াৰ ষ্টাইলক লৈ কৌতুহলৰাে অন্ত নাই অনুৰাগীৰ। সেইবাবে এইবাৰাে আলােচনাৰ কেন্দ্রবিন্দু হৈ পৰিছে ধােনি। আইপিএল সম্প্রচাৰক চেনেলটোৱে ধােনিক হৈ চলাইছে প্রচাৰ।

আইপিএল প্রচাৰৰ বাবে চেন্নাই ছুপাৰ কিংছৰ অধিনায়কক লৈ প্রম’ নির্মাণ কৰা হৈছে। তাকে লৈ এতিয়া ধােনি অনুৰাগীসকলৰ মনত প্রশ্ন উত্থাপিত হৈছে।

টিভি চেনেলৰ প্র’ম’ত ধােনিক এটা নতুন ৰূপত দেখা গৈছে। ধুনীয়া ডাঠ গোঁফৰ স’তে সম্পূর্ণ নতুন ৰূপত ধােনি। ক্রিকেট এৰিনাতাে বিষয়টো চৰ্চিত হৈ পৰিছে।

স্মর্তব্য যে ধােনিৰ নেতৃত্বত চেন্নাইয়ে চাৰিবাৰ চেম্পিয়ন হৈছে। স্বাভাৱিকতে, প্রতিবাৰে আইপিএলত ধােনিক লৈ থাকে সমর্থক উৎসাহ, উদ্দীপনা।

এইবাৰাে তাৰ ব্যতিক্রম নহয়। এইবাৰ আইপিএলত ছানৰাইজাছ হায়দৰাবাদ, ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু, পঞ্জাৱ কিংছ আৰু গুজৰাট টাইটানছৰ লগত গ্রুপ বি ত আছে ধােনিৰ চেন্নাই। ইফালে, আসন্ন আই পি এলৰ মেচত ২৫ শতাংশ দর্শক ষ্টেডিয়ামত উপস্থিত থাকিব পাৰিব বুলি ইতিমধ্যে ঘােষণা কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে।

Exit mobile version