একাধিক ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক বঁটা প্ৰাপ্তিৰে ইতিমধ্যে বিশ্বজুৰি জিলিকি উঠা আইমী বৰুৱাৰ বহুল সমাদৃত ছবি “চেমখৰ”এ পুনৰ আন এক অতি মৰ্যদাসম্পন্ন আন্ত:ৰাষ্ট্ৰীয় সন্মান বুটলিবলৈ সক্ষম হ’ল । বেংগালুৰু আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ৰাজ্যৰ জনপ্ৰিয় অভিনেত্ৰী তথা ছবি নিৰ্মাতা আইমী বৰুৱাৰ “চেমখৰ” চিত্ৰভাৰতী শিতানত “শ্ৰেষ্ঠ ভাৰতীয় ছবি” হিচাপে নিৰ্বাচিত হয় ।
বেংগালুৰুত অনুষ্ঠিত এই মহোৎসৱত আজি কৰ্ণাটকৰ ৰাজ্যপাল থাৱাৰ চান্দ গেহলটৰ পৰা আনুষ্ঠানিকভাৱে এই সন্মান গ্ৰহণ কৰে “চেমখৰ”ৰ নিৰ্মাতা আইমী বৰুৱাই । দেশৰ ছবি জগতৰ এনে এক ঈৰ্ষনীয় বঁটা লাভ কৰি স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে ছবি নিৰ্মাতাগৰাকী ।
বঁটা গ্ৰহণ কৰি আইমীয়ে কয় যে দেশৰ প্ৰতিগৰাকী চলচ্চিত্ৰ নিৰ্মাতাই প্ৰতিটো ক্ষণতে এনেধৰণৰ আগশাৰীৰ আন্ত:ৰাষ্ট্ৰীয় মহোৎসৱত বঁটা প্ৰাপ্তিৰ বাবে সপোন পুহি ৰাখে । সেয়েহে এনে এক সন্মান লাভ কৰাৰ পাছত মোৰ অনুভৱ প্ৰকাশ কৰিবলৈ মই আজি ভাষা বিচাৰি পোৱা নাই । এনে সন্মান প্ৰাপ্তিৰ বাবে মই বিশেষকৈ জুৰি, মহোৎসৱৰ আয়োজক, চেমখৰৰ কলা-কুশলী আৰু প্ৰতিগৰাকী শুভাকাংক্ষীলৈ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিলো ।
কাৰ্যত: আইমী বৰুৱাৰ এই সাফল্য ৰাজ্যৰ চলচ্চিত্ৰ জগতখনৰ বাবেই এক শুভ সংবাদ হিচাপে বিবেচিত হৈছে । ইপিনে একেটা মহোৎসৱত অসমৰ আন দুখন ছবি “ব্ৰীজ” আৰু “গড অন দ্য বেলকনি”য়েও ভিন্ন শিতানত বঁটা পাবলৈ সক্ষম হৈছে ।