নেপালৰ ভূমিত চীনা আগ্ৰাসন, প্ৰতিবেদনত স্পষ্ট ‘ড্রাগন’ৰ অভিসন্ধি

Page 1 Image 42 20200403135702

সীমান্ত সন্দৰ্ভত চীনৰ (China) স’তে এইবাৰ দ্বন্দ্বত লিপ্ত হ’ল নেপাল (Nepal) । অভিযোগ, নেপালৰ হুমলা জিলাত ভূমি দখল কৰিছে চীনে । এই এলাকাত সীমা বঢ়াইছে বেইজিঙে । কে’বা‌ মিটাৰ ভিতৰত চীনৰ পতাকাও লগোৱা হৈছে ।

সংবাদ সংস্থা এএনআই সূত্রে খবৰ, সম্প্রতি চীনাৰ দখলক লৈ এটা ৰিপ’র্ট লাভ কৰিছে নেপাল চৰকাৰে । ছেপ্টেম্বৰত, ২০২১-ৰ এই ৰিপ’র্টত কোৱা হৈছে, নেপালৰ পশ্চিমত হুমলা জিলাত ভূমি দখল কৰিছে চীনে । ইয়াৰ উপৰি, নেপালি ব’র্ডাৰ আৰক্ষীৰ কর্মচাৰীসকলক সকীয়নি দিছে চীনা সীমান্তৰক্ষীসকলে । পৰিস্থিতি অধিক জটিল কৰি নেপালৰ ভূমিত লালুংজং এলাকাত নেপালিসকলৰ ধর্মীয় অনুষ্ঠান বন্ধ কৰি দিয়ে চীনা জোৱানসকলে । লগতে, নেপালি পশুপালকসকলক নেপালৰ ভূমিত গৰু-ম’হ চৰোৱাত বাধা দিছে তেওঁলোকে । প্রধানমন্ত্রী শ্বেৰ বাহাদুৰ দেউবা প্রশাসনৰ উদ্বেগ বৃদ্ধি কৰি ৰিপ’র্টত আৰু কোৱা হৈছে, নেপালৰ ভূমিত ব’র্ডাৰ পিলাৰৰ চাৰিওপাশে বেৰ দি এটা খাল আৰু পথ তৈয়াৰ কৰিছে চীনা ফৌজে ।

তাৎপর্যপূর্ণভাৱে চীনা আগ্রাসনৰ ৰিপর্টক লৈ মৌন কাঠমাণ্ডু । চৰকাৰীভাৱে ৰিপ’র্টটো প্রকাশো কৰা নাই দেউবা প্রশাসনে । কিন্তু সংবাদমাধ্যমৰ জৰিয়তে বিষয়টো সম্প্ৰচাৰ হোৱাৰ পাছতে দেশৰ তথ্যসম্প্রচাৰ মন্ত্রী জ্ঞানেন্দ্র বাহাদুরশৰ কাৰকিয়ে কয়, “ভাৰত বা চীন, চুবুৰীয়া দেশৰ স’তে থকা যিকোনো ধৰণৰ সীমান্ত বিবাদ কূটনৈতিক আলোচনাৰ মাধ্যমত সমধান কৰা হ’ব । এনে সমস্যা (সীমান্ত বিবাদ) নহয় । কিন্তু এনে পৰিস্থিতিৰ যাতে সৃষ্টি নহয় সেই বিষয়ে সকলো সময়তে সচেষ্ট নেপাল চৰকাৰ ।”

প্রসংগত, ২০২০ৰ ছেপ্টেম্বৰতো নেপালত এনেদৰেই অনুপ্রৱেশ ঘটায় চীনে । সীমান্তৱর্তী হুমলা জিলাত ১১টা ঘৰো তৈয়াৰ কৰিছে তেওঁলোকে । ইয়াৰ পাছত অনেকেই নেপালত চীনা দূতাবাসৰ সন্মুখত বেইজিঙৰ এই আগ্রাসনৰ বিৰুদ্ধে বিক্ষোভো প্ৰদৰ্শন কৰিছিল । তদুপৰি এই প্রসংগত চীনা প্রশাসনৰ স’তে আলোচনাৰ চেষ্টা কৰিও কোনো লাভ হোৱা নাই । বৰঞ্চ গোৰ্খা, ডোলাখা, হুমলা, দাৰচুলা, সিন্ধুপালচক, ৰাছুয়া আৰু ছাংখুৱাছাভাৰৰ দৰে স্থানবোৰতো নিজৰ সীমান্ত ইচ্ছেমতে বঢ়াইছে চীনে । প্রতিবাদৰ সলনি চীনৰ স’তেই সহমত নেপালৰ তৎকালীন প্রধানমন্ত্রী কেপি শর্মা ওলি । এইবাৰ পুনৰ চীনা আগ্রাসনৰ বলি হ’বলগীয়া হ’ল হিমালয়ৰ কোলাত অৱস্থিত সৰু দেশখনে ।

Exit mobile version