Mathura : শুনানি হ’ব কৃষ্ণ জন্মভূমি গোচৰৰ

Mathura Mosrque

মথুৰাৰ শ্বাহি মছজিদক লৈ দাখিল হোৱা জনস্বার্থ গোচৰ পুনৰ শোনাৰ সিদ্ধান্ত লৈছে ইলাহাবাদ উচ্চ ন্যায়ালয়ে ।

মথুৰাত শ্রীকৃষ্ণ মন্দিৰৰ কাষতেই শ্বাহি মছজিদ । আবেদনকাৰীসকলে জনাইছে, সেই মছজিদটো কৃষ্ণৰ জন্মভূমিত তৈয়াৰ কৰা হৈছে । মছজিদটো যি দোখৰ ভূমিত আছে সেইখিনিত এসময়ত কাটৰা কেশৱদেৱ মন্দিৰ আছিল । মোগল সম্রাট ঔৰংজেৱৰ আমোলত সেয়া ধ্বংস কৰা হয় । আবেদনত অন্তর্বর্তী ব্যৱস্থা হিচাপে এই মছজিদত সপ্তাহৰ কেইটামান দিনত আৰু জন্মাষ্টমীত হিন্দুসকলক পূজা কৰিবলৈ দিয়াৰ অধিকাৰ বিচৰা হৈছে । এই ভূমিৰ অধিকাৰো হিন্দুসকলক দিয়াৰ আবেদন জনাইছে ।

এই বিষয়ত আগৰ আবেদন পদ্ধতিগত কাৰণত খাৰিজ হৈছিল । উচ্চ ন্যায়ালয়ৰ মুখ্য বিচাৰপতি ৰাজেশ বিন্দল আৰু বিচাৰপতি প্রকাশ পাৰিয়াৰ বেঞ্চে নির্দেশত জনাইছে, ২৫ জুলাইত এই আবেদন শুনিব আদালতে ।

Exit mobile version