গোসাঁইগাঁৱত চুইছ গেট নিৰ্মাণৰ নামত ঠিকাদাৰৰ দুৰ্নীতি

১৫ বছৰে মুকলি নহ'ল চুইছ গেট

WhatsApp Image 2022 03 14 at 8.53.00 PM

বিটিচিৰ জলসিঞ্চন বিভাগত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে । কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ জাম্বুগুৰী অঞ্চলৰ খেতিয়ক ৰাইজক সহায় কৰিবলৈ বিপিএফ চৰকাৰৰ দিনত প্ৰায় ১৫ বছৰ পূৰ্বে কে’বা কোটি টকা ব্যয় সাপেক্ষে এখন চুইছ গেট নিৰ্মাণ কৰিছিল । কোটি টকা চৰকাৰী ধন ব্যয় কৰি উক্ত চুইছ গেটখন নিৰ্মাণ কৰাৰ পাছতো কৃষকে পথাৰত পানী লাভ নকৰিলে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কৃষক ৰাইজে ।

বিপিএফ চৰকাৰৰ দিনত ঠিকাদাৰে ধন গোটাবলৈ কৃষকৰ উদ্দেশ্য বিহীনভাৱে চুইছ গেট স্থাপন কৰি ধন লুটি নিছে বুলি অভিযোগ উত্থাপন কৰে ভুক্তভোগী ৰাইজে । যাৰ ফলত চেংমাৰী গাঁৱৰ চুইছ গেটখন আজিও কাৰ্যক্ষম নহ’ল । আনকি মুকলি নোহোৱাকৈ কে’বা কোটি টকাৰ আঁচনিখন ধ্বংসৰ গৰাহত পৰা পৰিলক্ষিত হৈছে ।

ইপিনে, দেখা পোৱা গৈছে যে চুইছ গেট নিৰ্মাণ কৰিছিল যদিও পথাৰত পানী যোগান ধৰিবলৈ নিৰ্মাণ কৰা নাছিল নলা । চৰকাৰী ফাইলতে চুইছ গেট স্থাপন কৰি অসম তথা বিটিচিৰ জনসিঞ্চন বিভাগে দায়িত্ব সামৰা পৰিলক্ষিত হৈছে ।

ভুক্তভোগী কৃষক ৰাইজে উক্ত ঘটনাৰ উচিত তদন্ত কৰি কামটোত দুৰ্নীতি সংঘটিত কৰা ঠিকাদাৰজনৰ বিৰুদ্ধে বিহিত ব্যবস্থা গ্রহণ কৰিবলৈ দাবী জনায় ।

Exit mobile version