এজোপা গছত লাগিল ১,২৬৯টা বিলাহী নিজৰেই অভিলেখ ভংগ কৰিলে ইংলণ্ডৰ বাসিন্দাই

OMG This person grew more than 1200 tomatoes on a

এজোপা গছতে হেজাৰােধিক বিলাহী ফলাই চমক সৃষ্টি কৰিলে ইংলণ্ডৰ এজন লােকে। ইয়াৰ লগতে তেওঁ ভংগ কৰিলে নিজৰেই পূর্ব অভিলেখ। ইংলণ্ডৰ ডগলাছ স্মিথে এই অনন্য নজিৰ স্থাপন কৰিছে।

যােৱা বছৰ স্মিথৰ এজোপা গছত একেলগে ৮৩৯টা বিলাহী লাগিছিল। এইবাৰ সেই অভিলেখকে ভংগ কৰি এজোপা গছত ১,২৬৯টা বিলাহী লাগিল। অৱশ্যে খেতিপথাৰ নহয়, বঞ্চ ঘৰতে বিলাহীৰ খেতি কৰিছে স্মিথে।

তেওঁ জনায় যে ৮৩৯টা বিলাহী লগাৰ পাছতে এহেজাৰৰ অধিক বিলাহী ফলােৱাৰ লক্ষ্য বান্ধি লৈছিল। সেই লক্ষ্যই এতিয়া পূৰণ হৈছে।ঘৰত টাবত তেওঁ এশ জোপা বিলাহী গছ ৰুইছিল। সেইদৰে ঘৰৰ মাটিত ৰুইছিল ৫০ জোপা।

তাৰ ভিতৰত দুজোপা গছতে সর্বাধিক বিলাহী লাগিছে। ইয়াৰে এজোপা গছে নতুন অভিলেখ গঢ়ে। স্মিথে লগতে জনাইছে যে তেওঁৰ পৰৱর্তী লক্ষ্য হৈছে ২০১৩ত কভেন্ট্রিৰ এজন লােকে প্রতিষ্ঠা কৰা অভিলেখ ভংগ।

কভেণ্টিৰ লােকজনে এজোপা গছতে এহেজাৰ ৩৫৫টা বিলাহী ফলাইছিল। উল্লেখ্য যে স্মিথৰ দখলত আন একাধিক অভিলেখাে আছে। ইয়াৰ ভিতৰত অন্যতম হৈছে তিনি কেজি এশ গ্রাম ওজনৰ এটা বিলাহী লাগিছিল তেওঁৰ গছত।

ইয়াৰ দ্বাৰা তেওঁ পিটাৰ গ্লেজব্রুক নামৰ এজন লােকৰ দুই কেজি আঠশ গ্রাম ওজনৰ বিলাহীৰ অভিলেখ ভংগ কৰিছিল।

Exit mobile version