Weather : মাৰ্চৰ আৰম্ভণিতে অস্বাভাৱিক গৰম ! হালধীয়া সতৰ্কতা জাৰি গুজৰাটত

delhi summers

মাৰ্চৰ আৰম্ভণিতে তাপ প্ৰবাহ আৰম্ভ হৈছে পশ্চিম আৰু উত্তৰ ভাৰতৰ কে’বাখনো ৰাজ্য । কেৱল এয়াই নহয়, মহাৰাষ্ট্ৰ, গুজৰাট, ৰাজস্থান আৰু দিল্লীকে ধৰি দেশৰ কে’বাখনো ৰাজ্যই অনাগত দিনত উত্তাপ প্ৰবাহৰ দৰে পৰিস্থিতিৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে । এই সতৰ্কবাৰ্তা দিলে বতৰ বিজ্ঞান কেন্দ্ৰ‌ই ।

মাৰ্চ আৰম্ভ হোৱাৰ লগে লগে অস্বাভাৱিকভাৱে উত্তাপ বৃদ্ধি পাইছে দিল্লী আৰু মুম্বাইত । পৰৱৰ্তী দুমাহত পৰিস্থিতি যে অধিক বেয়া হ’ব পাৰে তাৰে ইংগিত দিছে এই গৰমৰ প্ৰকোপে ।

এই ঋতুত দিল্লীৰ সৰ্বাধিক তাপমাত্ৰা সোমবাৰে ৩৩ ডিগ্ৰী ছেলচিয়াছত উপনীত হৈছে । একে সময়তে, বায়ুত আৰ্দ্ৰতাৰ পৰিমাণো অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে ।

বতৰ বিজ্ঞান কেন্দ্ৰৰ সূত্ৰ অনুসৰি, ১৮ মাৰ্চ পৰ্যন্ত বৃদ্ধি পাব দিল্লীৰ তাপমাত্ৰা । এই সময়ছোৱাত, সৰ্বাধিক তাপমাত্ৰা প্ৰায় ৩৬-৩৭ ডিগ্ৰী ছেলচিয়াছ হ’ব পাৰে । এই সময়ত পাতল বতাহো বলিব । ফলস্বৰূপে, জনসাধাৰণে গৰমৰ পৰা কিছু সকাহ পাব । অৱশ্যে, ১৯ মাৰ্চৰ পাছত, তাপমাত্ৰা পুনৰ বৃদ্ধি হ’ব ।

আনহাতে, সোমবাৰে মুম্বাইৰ সৰ্বাধিক তাপমাত্ৰাই ৩৯.৪ ডিগ্ৰী ছেলচিয়াছ স্পৰ্শ কৰিলে । সেয়া স্বাভাৱিকতকৈ সাত ডিগ্ৰী অধিক ।

অৱশ্যে, সৰ্বাধিক তাপমাত্ৰা ৪৮ ঘণ্টাত ৪০ ডিগ্ৰীত উপনীত হ’ব বুলি ৰাজ্যিক বতৰ বিজ্ঞান বিভাগে কয় । একে সময়তে, ১৬ মাৰ্চত পালঘৰ, থানে, মুম্বাই, ৰায়গড়, পৰত্নগিৰি আৰু সিন্ধুদুৰ্গত তাপ প্ৰবাহৰ দৰে পৰিস্থিতি হোৱাৰ সম্ভাৱনা আছে । যোৱা বছৰৰ ১৮ মাৰ্চত, মুম্বাইত সৰ্বাধিক তাপমাত্ৰা ৪১ ডিগ্ৰী ছেলচিয়াছতকৈ অধিক আছিল ।

গুজৰাট আৰু ৰাজস্থানতো উত্তাপ বৃদ্ধি পাবলৈ লৈছে । মঙল আৰু বুধবাৰে উত্তাপ বঢ়াৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰ‌ই জানিবলৈ দিয়ে । গতিকে বিমান কাৰ্যালয়ে এই ৰাজ্যৰ বাবে হালধীয়া সতৰ্কবাণী জাৰি কৰিছে । সৌৰাষ্ট্ৰত তাপমাত্ৰা শীৰ্ষত উপনীত হ’ব ।

ফলস্বৰূপে, আহমেদাবাদতো তাপমাত্ৰা বৃদ্ধি পাব। এই সময়ছোৱাত, সৰ্বাধিক তাপমাত্ৰা হ’ব ৪০ ডিগ্ৰী । বুধবাৰে আৰু বৃহস্পতিবাৰে ৰাজস্থানৰ দক্ষিণ-পশ্চিমত তাপমাত্ৰা বৃদ্ধি পাব । বতৰ বিজ্ঞান কেন্দ্ৰ‌ই কয় যে এই পৰিস্থিতি দেওবাৰলৈকে অব্যাহত থাকিব । ৰাজস্থানৰ বেছিভাগ অঞ্চলত, দেওবাৰে সৰ্বাধিক তাপমাত্ৰা আছিল প্ৰায় ৩৩-৩৯ ডিগ্ৰী ছেলচিয়াছ ।

Exit mobile version